প্ৰতীকি ফটো
প্ৰতিকি ফটো

গুৱাহাটীঃ ‘এয়াৰচেল-কথা দিলো’। আপ্ত বাক্যশাৰীৰে দেশৰ কোটি কোটি গ্ৰাহকক মোহিত কৰা এয়াৰচেলৰ নেটৱৰ্ক অতীত হ’ল৷ নেটৱৰ্ক অতীত হোৱাৰ সমানে সমানে দেউলীয়া হ’ল দেশৰ অজস্ৰ ব্যৱসায়ী৷ কোম্পানীটো বন্ধ হোৱাত কৰ্মচাৰীসমূহ নিবনুৱা হৈ পৰাৰ লগে লগে ডিষ্ট্ৰিবিউটৰ, খুচুৰা বিক্ৰী কৰি পেট প্ৰৱৰ্তন কৰা লোকসকলে একপ্ৰকাৰ দেউলীয়া হৈ পৰে৷ 

এক কথাত দেশত উদ্যমীতাৰ সপোন দেখা শ শ লোকৰ সপোন ভাঙি চুৰমাৰ কৰিলে এই 'কথা' দিয়া এয়াৰচেলে। উন্নত সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৰিলায়েন্সৰ দৰেই গ্ৰাহকক হাৰাশাস্তি কৰি সেৱা বন্ধ কৰিলে কোম্পানীটোৱে৷ বৰ বৰ তাৰকাৰ জৰিয়তে বিজ্ঞাপন প্ৰচাৰ কৰা এয়াৰচেল নামৰ বহুজাতিক কোম্পানীটোৱে ইতিমধ্য সেৱা বন্ধ কৰিছে সমগ্ৰ দেশত৷ 

এয়াৰচেল নেটৱৰ্কৰ সঘনাই হৈ থকা সমস্যাৰ পৰা মুক্ত হোৱাৰ অৰ্থে বিগত বৰ্ষত এয়াৰছেলে ৰিলায়েন্স নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ যুটীয়াভাৱে ব্যৱসায় চলাই আহিছিল। কিন্তু পৰৱৰ্তী সময়ত ৰিলায়েন্স, এয়াৰটেল, এয়াৰচেল আদি সেৱাক দেশৰ সকলো প্ৰান্তকে গ্ৰাস কৰা জিঅ’ৰ আকৰ্ষণীয় অফাৰে জনসাধৰণক মোহিত কৰে৷ যাৰ বাবে কম সময়ৰ ভিতৰতে ৰিলায়েন্সৰ দৰেই এয়াৰচেলে টালি-টোপালা বান্ধি সেৱা বন্ধ কৰে৷ 

নেটৱৰ্কৰ বিপাঙত পৰি এয়াৰচেল গ্ৰাহকে নিজৰ নম্বৰ প’ৰ্ট কৰে আন নেটৱৰ্কলৈ৷ গ্ৰাহকৰ হাৰাশাস্তিৰ লগে লগে এয়াৰচেলৰ ব্যৱসায়ৰ সৈতে জৰিত লোকসকলেও ব্যাপক সমস্যাত পৰিছে৷ লাখ লাখ টকা পানীত পৰে ডিষ্ট্ৰিবিউটৰ, খুচুৰা বিক্ৰেতাসকল৷ 

২১ ফেব্ৰুৱাৰীত কোনো ধৰণৰ আগজাননী নিদিয়াকৈ এয়াৰচেল নেটৱৰ্ক সেৱা বন্ধ কৰি দিয়াৰ ফলত দেশৰ লাখ লাখ গ্ৰাহকৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ লগতে দেশৰ আন আন প্ৰান্তৰ অসমৰ প্ৰায় ৩০০ এয়াৰচেলৰ ডিষ্ট্ৰিবিউটৰ বন্ধ হৈ পৰে৷

ডিষ্ট্ৰিবিউটৰ বন্ধ হৈ পৰাত নিবনুৱা হৈ পৰে একাংশ লোক। উল্লেখযোগ্য যে, ব্যৱসায়ীসকলে এয়াৰচেল কৰ্তৃপক্ষৰ সৈতে ডিষ্ট্ৰিবিউটৰৰ বাবে চুক্তি কৰাৰ সময়ত বেংকৰ পৰা ঋণ লৈ ৫০ হাজাৰৰ পৰা ৪ লাখ পৰ্যন্ত আগধন দিব লগা হৈছিল। 

কিন্তু হঠাতে এয়াৰচেল সেৱা বন্ধ কৰি দিয়াত সংস্থাপন হেৰুওৱা আৰু আগধন দি ডিষ্ট্ৰিবিউটৰ লোৱা লোকসকল ভীষণ চিন্তাত হৈ পৰিছে। আগধন পানীত পৰাৰ লগতে ডিষ্ট্ৰিবিউটৰ সমূহত ষ্টক থকা ৰিচাৰ্জ, লাপুৰ ধন অবাবতে পানীত পৰাত হাবাথুৰি খাব লগা হৈছে। 

ব্যৱসায়ীসকলে এয়াৰচেলৰ ৰাজ্যিক বিষয়া দ্বীপজ্যোতি খাউণ্ডক বাৰে বাৰে আগধন আদায় দিয়া আৰু ষ্টক উভতাই দিয়াৰ দাবী জনাই বাৰে বাৰে সাক্ষাৎ কৰিছে যদিও এতিয়ালৈ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। 

All Assam distributer association-এ চৰকাৰক হস্তক্ষেপ কৰি ডিষ্ট্ৰিবিউটৰৰ আগধন, মজুত থকা ৰিচাৰ্জ-লাপুৰ টকা এয়াৰচেল কৰ্তপক্ষৰ পৰা উলিয়াই দিবলৈ আৱেদন জনায়৷ বিদেশৰ পৰা কলা ধন উভতাই আনি দুৰ্নীতি মুক্ত ভাৰত গঢ়াৰ কথা কোৱা মোডী চৰকাৰে ১৫৫০ কোটি বেংকৰ ঋণ পৰিশোধ কৰিব লগা এয়াৰচেলৰ বিৰুদ্ধে বিজেপি চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।