RVCJ Media
RVCJ Media

ডিজিটেল ডেস্কঃ দেশতে এক বৃহৎ অর্থনৈতিক ক্ষেত্ৰ দখল কৰি ল’বলৈ সক্ষম হোৱা টেলিকম সেৱা জিঅ’ই বৰ্তমান দেশৰ আন আন টেলিকম সমূহৰ বাবে কঢ়িয়াই আনিছে প্ৰত্যাহ্বান৷ জিঅ’ই আৰম্ভণিতে উপভোক্তাক আকৰ্ষণীয় সা-সুবিধা দি ব্যৱহাৰীৰ সংখ্যা বৃদ্ধি কৰি লৈছিল আৰু বৰ্তমানেও জিঅ’ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷

যাৰ বাবে দেশৰ আন আন টেলিকম সেৱা সমূহৰ উপভোক্তাৰ সংখ্যা নিম্নগামী হৈ অহাত লোকচানৰ সন্মুখীন হ’ব লগাত পৰিছে৷ বিশেষকৈ দেশৰ অন্যতম ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানী এয়াৰচেলে জিঅ’ৰ পৰা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছে৷ ইয়াৰোপৰি অন্য দুটা টেলিকম কোম্পানী ভ’ডাফোন আৰু এয়াৰটেলে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা বুলি খবৰ ওলাইছে৷

the economic times-ৰ এক খবৰ অনুসৰি দেশৰ আটাইতকৈ দেউলীয়া টেলিকম কোম্পানী হিচাপে পৰিগণিত হৈছে এয়াৰচেল৷ যাৰ বাবে এয়াৰচেলে কোম্পানীত কৰ্মৰত ৫০০০ কৰ্মীক কামৰ পৰা বিদায় দিব বিচাৰিছে৷ কিয়নো বৰ্তমান সময়ত এয়াৰচেলৰ বিত্তীয় অৱস্থা একেবাৰে শোচনীয়৷ এই সপ্তাহত এয়াৰচেলৰ মুখ্য কাৰ্যবাহী বিষয়া কাইজাদ হিৰজিয়ে কৰ্মচাৰীসকলক মেইল প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এয়াৰচেলৰ বিত্তীয় স্থিতি একেবাৰে শোচনীয়৷ হিৰজিয়ে লগতে কয়, টেলিকম মার্কেটত শেহতীয়াকৈ আৰম্ভ হোৱা প্ৰতিযোগিতাত সৈতে ফেৰ মাৰিব পৰা নাই এয়াৰচেলে। প্রসংগক্ৰমে উল্লেখ কৰিব পাৰি ভাৰতীয় বজাৰত জিঅ’ৰ প্ৰৱেশৰ আগে-আগে ২০১৬ চনৰ জুলাই মাহত এয়াৰচেলে ১২০ কোটি টকা লাভ কৰিছিল। কিন্তু বিগত বছৰত জিঅ’ই প্ৰৱেশ কৰাৰ পিছতেই ডিচেম্বৰ মাহত উপাৰ্জন কৰে মাত্ৰ ৫ কোটি টকা। আনহাতে এই বছৰ ৬০ কোটি টকাৰ ঋণত পোত য়াই টেলিকম কোম্পানী এয়াৰচেল দেউলীয়া হৈ পৰে।