কোকৰাঝাৰঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকান দ্বিতীয় খণ্ড গাঁওৰ মণিৰুল ইছলামৰ পত্নী ৰশ্মিনাৰা বেগমক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত আৰু আৰক্ষীয়ে ৰশ্মিনাৰা বেগমক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ ডিটনচন কেম্পলৈ চালান দিয়াৰ পিছত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  

এনে  প্ৰতিক্ৰিয়াৰ মাজতে আজি এআই ইউ ডি এফৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম খানৰ নেতৃত্বত দলৰ চাৰিজনকৈ বিধায়কে কোকৰাঝাৰ ডিটেনচন কেম্পত হাজিৰ হৈ ৰশ্মিনাৰা বেগমক সাক্ষাৎ কৰাৰ লগতে ডিটেনচন কেম্পত আৱদ্ধ হৈ থকা অান বিদেশী বুলি ঘোষিত হোৱা লোকসকলোকো সাক্ষাৎ কৰে ।

আজি দিনৰ ২-৩০ বজাত কোকৰাঝাৰ ডিটেনচন কেম্পত বিদেশী ন্যাায়াধিকৰণৰ দ্বাৰা বিদেশী বুলি ঘোষিত হোৱা লোক সকলক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত দলৰ সাধাৰন সম্পাদক আব্দুৰ ৰহিম খান আৰু বিধায়ক আমিনুল ইছলামে কয় যে  সামান্য নথিপত্ৰ ভূলৰ বাবেই ৰশ্মিনাৰা বেগমক ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখা ঘটনা দুৰ্ভাগ্যজনক ৷ সেয়ে বিষয়টো চালিজাৰি চাই ৰশ্মিনাৰা বেগমক মোকলাই দিব লাগে বুলি উল্লেখ কৰি এ আই ডি এফৰ ফালৰ পৰা বিষয়টো লৈ মাত মাতি যাব বুলি মন্তব্য কৰে।

আজি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম খানৰ নেতৃত্বত দলৰ চাৰি বিধায়ক ক্ৰমে আমিনুল ইছলাম (ধিং সমষ্টি), নিজানুৰ ৰহমান (গৰিপুৰ,সমষ্টি), সুজামদ্দিন লস্কৰ (কাত্ৰিকোছা,সমষ্টি) আৰু নিজামদ্দিন চৌধুৰী (আলগাপুৰ,সমষ্টি) য়েও কোকৰাঝাৰ ডিটেনচন কেম্প পৰিদৰ্শন কৰে। উল্লেখ্য যে কোকৰাঝাৰ ডিটেনচন কেম্পত ১২ গৰাকী কিশোৰ আৰু ১২২গৰাকী মহিলা আৱদ্ধ হৈ আছে ।