• ক্ষমতা নাপাওঁতেই এই অসভ্যালি 
  • আজমলৰ এনে কাৰ্যৰ বিৰুদ্ধে ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এছ’চিয়েছন অব আছামে থানাত দাখিল কৰিব এজাহাৰ
  • ক্ষমা নোখোজা পৰ্যন্ত অসমৰ ডিজিটেল মিডিয়াই এ আই ইউ ডি এফক বৰ্জন কৰাৰ সিদ্ধান্ত

গুৱাহাটীঃ সংখ্যালঘুৰ আবেগেৰে ৰাজনীতি কৰা এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে চৰম আচৰণ প্ৰদৰ্শন কৰি বুধবাৰে এজন সাংবাদিকক ধমকিৰ লগতে মূৰ ফালি দিম বুলি ভাবুকি প্ৰদান কৰে।

এক সংবাদমেলত আমন্ত্ৰিত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নিজৰ সংযম হেৰুৱাই ই-টিভিৰ সাংবাদিকজনক ডাবি-ধমকি দিয়াৰ লগতে ''মোৰ হাজাৰ হাজাৰ মানুহ আছে,শেষ কৰি দিম’’ বুলি ভাবুকি প্ৰদান কৰে। 

অকল সিমানেই নহয়, জনতাৰ মাজত তন্ত্ৰ-মন্ত্ৰ আৰু পানী জাৰি দিয়াৰ দৰে অবৈজ্ঞানিক কাৰ্য ৰাজহুৱাকৈ কৰা আজমলে সংবাদমেলখনত সাংবাদিকসকলৰ মাইক্ৰ’ফোনসমূহ হাতেৰে ওফৰাই দি ই-টিভিৰ মাইক্ৰ’ফোনডাল হাতত লৈ জোকাৰি জোকাৰি 'কুকুৰৰ বাচ্ছা' বুলি অসাংবিধানিক শব্দৰে সাংবাদিকজনক গালি-গালাজ কৰে।

এ আই ইউ ডি এফে দিল্লীত মিত্ৰতা কৰিব বুলি আজমলে মন্তব্য কৰাত সাংবাদিকজনে এই মিত্ৰতা কংগ্ৰেছ নে বি জে পিৰ লগত হ’ব সেই কথা জানিবলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছিল। ইয়াতে সংখ্যালঘুৰ নেতা বুলি দাবী কৰা আজমলে নিজৰ ধৈৰ্য হেৰুৱাই সাংবাদিকজনক দুঃব্যৱহাৰ কৰে।

ই-টিভিৰ মাইক্ৰ’ফোনটো হাতত লৈ আজমলে ইয়াত 'মোৰ হাজাৰজন মানুহ আছে’ বুলি সাংবাদিকজনক ভাবুকি দিয়া দেখা যায়।

আজিৰ এই ঘটনাক সকলোৱে একেমুখে গৰিহণা দিছে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আজমলে এনেদৰে দুৰ্ব্যবহাৰ কৰাৰ বাবে ক্ষমা খুজাৰ দাবী উত্থাপন হৈছে।

আজমলৰ এনে কাৰ্যৰ বিৰুদ্ধে 'ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এছ’চিয়েছন অব আছাম’-এ বৃহস্পতিবাৰে থানাত এজাহাৰ দাখিল কৰিব বুলি সংগঠমটোৰ সম্পাদক মানস ৰয়ে জানিবলৈ দিছে। ইয়াৰ লগতে আজমলে ক্ষমা নোখোজা পৰ্যন্ত অসমৰ ডিজিটেল মিডিয়াই এ আই ইউ ডি এফৰ কোনো কাৰ্যসূচী সম্প্ৰচাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

(ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এছ’চিয়েছন অব আছামৰ সম্পাদকৰ ভাষ্য ETv Assam সৌজন্যত)