গুৱাহাটীঃ থলুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ দাৱীত আজি নুনমাটিস্থিত ইণ্ডিয়ান অইল এওডি ৰাজ্যিক কাৰ্য্যালয়ৰ সন্মুখত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে অসম বিৰোধী চক্ৰ হুচিয়াৰ, অইলৰ কাৰ্য্যালয় বিভাজন কৰা নহ'ব, পৰিচালন শাখাৰ পৰিচালক কৈলাশ কুমাৰ সন্দিকৈ মুৰ্দাবাদ, ১০০ শতাংশ থলুৱাক নিযুক্তি দিয়ক আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মহানগৰ সমিতিৰ তৰফৰপৰা অসম অইল ডিভিজনৰ মানৱ সম্পদ বিভাগৰ প্ৰৱন্ধক উৎপল চৌধাৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীসমূহ মানি নললে অনাগত দিনত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুুংকাৰ দিয়ে।