ৰঙিয়াঃ ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনৰ নেতা-কৰ্মীয়ে হাতে হাতে জোৰ লৈ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ এনআৰচি প্ৰকাশ কৰাৰ ক্ষেত্ৰত চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি অসমৰ বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷

খিলঞ্জীয়া অসমীয়াৰ জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ ৰক্ষাকৱচ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশকলৈ ৰাজনৈতিক দলৰ নেতাই ন্যায়লয়ৰ নিৰ্দেশকো অৱমাননা কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশকলৈ ৰাজনীতি নকৰিবলৈ সকলো পক্ষক সকীয়নি প্ৰদান কৰি পূৰ্ব নিৰ্ধাৰিত অহা ৩১ ডিচেম্বৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ৰঞ্জন উপাধ্যায়ে খিলঞ্জীয়া অসমীয়াৰ ৰক্ষাকৱচ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ জাতি মাতি ভেটি সুৰক্ষিত হ’ব বুলি কয়। কিন্তু বৰ্তমান ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ সময় সীমা বৃদ্ধি কৰিবলৈ ন্যায়লয়ত আবেদন কৰি বৰ্তমানৰ জাতি মাটি ভেটিৰ শ্ল’গান দিয়া চৰকাৰ খনে বৃহত্তৰ অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে৷ অসম বিৰোধী এনে সিদ্ধান্তৰ প্ৰতিবাদত শনিবাৰে পৰিষদে জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰি তথাকথিত জাতীয় নায়কৰ চৰকাৰখনক মহামান্য আদালতত ইতিমধ্যে দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।