নতুন দিল্লীঃ  প্ৰাক্তন মন্ত্ৰী তথা একালৰ সাংবাদিক এম জে আকবৰ দশা ভাল নহয়। একালত কৰি অহা অপকৰ্মৰ ফল ভোগিছে নেতাজনে। কৰ্মস্থানত যৌন নিৰ্যতন কৰা বুলি এগৰাকীৰ পাছত আনগৰাকী সাংবাদিকে ‘মি-টু’ অভিযানৰ সময়ত অভিযোগ উত্থাপন কৰিছে৷

এইবাৰ মুখ খুলিছে আমেৰিকাত কৰ্মৰত এগৰাকী অসমীয়া সাংবাদিকে৷ পল্লৱী গগৈ নামৰ সাংবাদিকগৰাকীয়ে ১ নৱেম্বৰৰ 'ৱাশ্বিংটন প’ষ্ট'ত লিখা এটা প্ৰবন্ধত কৈছে যে আকবৰে ৯০ৰ দশকত এতিয়াৰপৰা ২৩ বছৰ আগতে ‘দ্য এছিয়ান এজ’ত কাম কৰি থকা সময়ত তেওঁক বলাৎকাৰ কৰিছিল৷ 

প্ৰতিক্ৰিয়াত আকবৰে যৌন নিৰ্যাতনৰ অভিযোগ প্ৰত্যাখ্যান কৰি কয় যে ৯০ৰ দশকত পল্লৱীৰ সৈতে কেইমাহমানৰ বাবে এক সম্পৰ্ক গঢ়ি উঠাটো সঁচা আৰু ইয়াত তেওঁৰ সন্মতি আছিল৷

অৱশ্যে আকবৰৰ মন্তব্যক প্ৰতিবাদ জনাই পল্লৱী গগৈয়ে কয় যে উচ্চ পদবীত থাকি জুনিয়ৰক অপকৰ্মত লিপ্ত হ’বলৈ বাধ্য কৰোৱাটো কেতিয়াও ‘সহমত’ হ’ব নোৱাৰে৷

উল্লেখ্য যে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিদেশ ৰাজ্যমন্ত্ৰী পদৰপৰা পদত্যাগ কৰিবলগীয়া হোৱা আকবৰৰ বিৰুদ্ধে ২০ গৰাকী মহিলা সাংবাদিকে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে৷