গুৱাহাটীঃ আকৰ্ষণীয় হৈ উঠিব ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচন। যোৱা প্ৰায় দুমাহ ধৰি কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈয়ে তেওঁক সাক্ষাৎ কৰিবলৈ যোৱা একালৰ সতীৰ্থসকলৰ এটা দলৰ আগত সমাগত নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি কৰা মন্তব্যই স্পষ্ট কৰি তুলিছে এই সম্ভাৱনা। বুধবাৰে দিনৰ ভাগত লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ কৰি আহিয়েই সংবাদ মাধ্যমৰ আগত একালৰ সতীৰ্থ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কমল কুমাৰ মেধিয়ে কয় যে ২০২১ত নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে কৃষক নেতাজন।

কাৰাগাৰত অখিল গগৈৰ সৈতে প্ৰায় এঘণ্টাৰো অধিক সময় কটায় একালৰ সতীৰ্থ কমল কুমাৰ মেধি, স্বৰাজ অসমৰ ভৱেন সন্দিকৈ, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ দাস আৰু মদমুক্ত অসমৰ প্ৰবীণ দাসে। কমল কুমাৰ মেধিয়ে NNOক জনোৱা মতে কাৰাগাৰৰ ভিতৰতে ২০২১ৰ নিৰ্বাচন আৰু ৰাজনৈতিক দল গঠনক লৈ ৰূপৰেখা প্ৰস্তুত কৰিছে কৃষক নেতাগৰাকীয়ে।

'আমি আজি তেওঁৰ সৈতে এঘণ্টাৰো অধিক সময় অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ সম্পৰ্কে আলোচনা কৰো। এই আলোচনাৰ অন্তত মোৰ ধাৰণা হৈছে যে তেওঁ এটা আঞ্চলিক ৰাজনৈতিক বিকল্প অসমৰ ৰাইজক দিবৰ বাবে প্ৰস্তুত হৈ আছে। ইতিমধ্যে তেওঁ কাৰাগাৰৰ ভিতৰতে ৰাজনৈতিক দল গঠন আৰু নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত ৰূপৰেখাও তৈয়াৰ কৰিছে।’-কৃষক নেতাগৰাকীৰ সৈতে কথা-বতৰাৰ অন্তত এনেধৰণৰ এক স্পষ্ট ইংগিত পোৱা বুলি উল্লেখ কৰি এইদৰে কয় কমল কুমাৰ মেধিয়ে। 

প্ৰয়োজনত কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিবলৈ সাজু অখিল

আজিৰ আলোচনাত কাৰাবন্দী নেতাগৰাকীয়ে সকলো আঞ্চলিক শক্তিক একত্ৰিত হ’বলৈ আহ্বান জনোৱা বুলিও সদৰী কৰে মেধিয়ে। 'বিজেপি বিৰোধী সকলো শক্তি তথা প্ৰতিটো আঞ্চলিক শক্তিক একত্ৰিত হ’বলৈ কাৰাগাৰৰ পৰাই তেওঁ আহ্বান জনাইছে। তেওঁ এনে এটা ৰাজনৈতিক দল গঠনৰ পোষকতা কৰিছে যিটো ৰাজনৈতিক দলে বিজ্ঞানসন্মত কৰ্মসূচী লৈ উদাৰ জাতীয়তাবাদী ভাৱধাৰা আগত লৈ জাতীয় ইছ্যুত কোনো কাৰণতে আপোচ নকৰিব।’-মেধিয়ে কয়।

কাৰাগাৰৰ ভিতৰতো অখিল গগৈ মানসিকভাৱে সম্পূৰ্ণৰূপে শক্তিশালী হৈ আছে বুলিও জানিবলৈ দিয়ে একালৰ সতীৰ্থ মেধিয়ে। NNOৰ আগত মেধিয়ে কয়, 'তেওঁ কাৰাগাৰত বন্দী হৈ থাকিলেও ভাগি পৰা নাই। অসমৰ নতুন ভৱিষ্যত সম্পৰ্কে তেওঁ যথেষ্ট আশাবাদী হৈ আছে। কাৰাগাৰৰ পৰা ওলায়েই তেওঁ ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যদিহে কাৰাগাৰত আৰু দীৰ্ঘদিন থাকিবলগীয়া হয় তেন্তে কাৰাগাৰৰ পৰাই ৰাজনৈতিক দল গঠন কৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ’ব।’

মেধা পাটেকাৰ, সন্দীপ পাণ্ডে নহয়, আছুকহে সমৰ্থন অখিলৰ

ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুই নেতা ক্ৰমে মেধা পাটেকাৰ আৰু সন্দীপ পাণ্ডেই দিনদিয়েক পূৰ্বে অসমলৈ আহি সদৌ অসম ছাত্ৰ সন্থা সন্দৰ্ভত কৰা মন্তব্যক লৈয়ো আজি সতীৰ্থসকলৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে গগৈয়ে। মেধা পাটেকাৰ আৰু সন্দীপ পাণ্ডেই আছুক লৈ কৰা উক্ত মন্তব্যই 'কা’ বিৰোধী আন্দোলনটোক দুৰ্বল কৰি শাসকীয় পক্ষক শক্তিশালী কৰাৰো শংকা প্ৰকাশ কৰে কৃষক নেতাজনে। 'অখিল গগৈয়ে আমাৰ আগত আশ্বৰ্য প্ৰকাশ কৰিছে উক্ত মন্তব্যক লৈ। তেওঁলোকৰ দৰে অভিজ্ঞ নেতাই কৰা এনে মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিছে অখিলে।’-সংবাদ মাধ্যমৰ আগত এইদৰে কয় আজি অখিলক সাক্ষাৎ কৰা দলটোৰ সদস্যসকলে। 

ৰাজনৈতিক দল গঠনক লৈয়ে অখিলৰে মত বিৰোধ হৈছিল কমল মেধিৰ

এসময়ৰ অখিল গগৈৰ বিশ্বস্ত সহযোগী আছিল কমল কুমাৰ মেধি। কবি হিচাপে জনপ্ৰিয়তা লাভ কৰাৰ মাজতে কৃষক নেতা অখিল গগৈৰ সৈতে কৃষক আন্দোলনত জপিয়াই পৰিছিল মেধি। কিন্তু ২০১৬ চনত হঠাৎ অখিলৰ সংগ ত্যাগ কৰিছিল মেধিয়ে। মূলত ৰাজনৈতিক দল গঠনক লৈ হোৱা মতানৈক্যৰ পৰিপ্ৰেক্ষিততে কৃষক মুক্তি ত্যাগ কৰিছিল বুলি জনাইছিল কমল মেধিয়ে। 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ২০১৬ৰ বিধানসভা নিৰ্বাচনত কৃষক মুক্তিৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠনৰ পোষকতা কৰিছিল মেধিয়ে। কিন্তু মেধিৰ এনে ইচ্ছাৰ সৈতে মুঠেই একমত হোৱা নাছিল কৃষক সংগঠনটোৰ হৰ্তা-কৰ্তা স্বৰূপ অখিল গগৈ। সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণৰ ক্ষেত্ৰত দেখুওৱা অনীহাৰ পৰিপ্ৰেক্ষিততে অৱশেষত অখিলৰ সংগ ত্যাগ কৰি দিল্লীলৈ গৈ আপত যোগদান কৰে মেধিয়ে। 

আপৰ কাৰ্যকলাপত বিতুষ্ট হৈ ২০১৮ চনৰ জুন মাহত কংগ্ৰেছ দলত যোগদান কৰে মেধিয়ে। কৃষক মুক্তি ত্যাগ কৰাৰ পিছতে অখিলৰ সৈতে সংবাদ মাধ্যমৰ জৰিয়তে বাক যুদ্ধতো লিপ্ত হৈ পৰিছিল মেধি। অৱশেষত 'কা’ বিৰোধী আন্দোলনৰ পিছত জাতীয় স্বাৰ্থত পূৰ্বৰ সকলো কথা পাহৰি কাষ চাপিবলৈ আৰম্ভ কৰিছিল একালৰ দুই সতীৰ্থ। ৰাজনৈতিক দল গঠনক লৈ মেধিৰ সৈতে সংঘাত সৃষ্টি হোৱাৰ পিছত পুনৰ মেধিৰ জৰিয়তেই কাৰাগাৰৰ পৰা অখিলে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ ইংগিত দিয়াটোৱে বহন কৰিছে বিশেষ তাৎপৰ্য।

'আপ’ৰ সৈতে বুজাপৰাৰ সম্ভাৱনা

দিল্লী নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতে এইবাৰ পুনৰ নতুন পৰিকল্পনাৰে সমগ্ৰ দেশতে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আম আদমী পাৰ্টী চমুকৈ আপে। ইতিমধ্যে অসমতো ইয়াৰ কুচ-কাৱাজ আৰম্ভ কৰিছে দলটোৱে। ৰাজনৈতিক বিশ্লেষকসকলেও ঠাৱৰ কৰিছে যে ২০১৪ৰ লোকসভা নিৰ্বাচনত আপে ৰাষ্ট্ৰীয় পৰ্যায়ত মুখ ঠেকেচা খালেও এইবাৰৰ পৰিস্থিতি যথেষ্ট সুকীয়া। দিল্লী নিৰ্বাচনৰ ফলাফল তথা দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিয়ে দলটোক ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিকল্প ৰাজনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰি তোলাৰো সম্ভাৱনা ব্যক্ত কৰিছে কেবাগৰাকী ৰাজনৈতিক বিশ্লেষকে।

এনে পৰিপ্ৰেক্ষিতত কাৰাবন্দী কৃষক নেতা অখিল গগৈ আৰু আপৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনা চলা বুলিও ছ’চিয়েল মিডিয়াত একাংশ লোকে মন্তব্য কৰা দেখা গৈছে। এই সন্দৰ্ভত আপ অসমৰ সমন্বয়ক ডা০ ভবেন চৌধুৰী আৰু সাংগঠনিক সম্পাদক লুইত কুমাৰ বৰ্মনৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে অখিল গগৈৰে আলোচনা চলাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে।

'অখিল গগৈৰ সৈতে আমাৰ কোনো যোগাযোগ হোৱা নাই। আমাৰ সৈতেও তেওঁ কোনো যোগাযোগ কৰা নাই। কিন্তু আমি তেওঁৰ খবৰ কৰিবলৈ কাৰাগাৰলৈ যোৱাৰ কথা ভাবিছো। কাৰাগাৰলৈ গৈ তেওঁৰ খবৰহে লম, ৰাজনৈতিক বুজাপৰা সম্পৰ্কে কোনো আলোচনা নকৰো। আজি তেওঁ নিৰ্বাচন খেলাৰ কথা কৈছে বুলি সংবাদ মাধ্যমযোগে জানিব বিচাৰিছো। তেওঁক আমি ইয়াৰ বাবে শুভেচ্ছা জনাইছো।’-এইদৰে কয় সমন্বয়ক ভবেন চৌধুৰীয়ে। 

তেওঁ আৰু কয়, 'এই মুহূৰ্তত আমি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক উৎসাহিত কৰি আছো আৰু সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ কাম কৰি আছো। নিৰ্বাচনত আমি কাৰ সৈতে বুজাপৰা কৰিম নে নকৰিম সেই সম্পৰ্কে আমি এতিয়ালৈকে কোনো চিন্তা-চৰ্চা কৰা নাই। আমি কেৱল নিজৰ শক্তি বৃদ্ধি কৰাত গুৰুত্ব দিছো। বাকী কথাবোৰ আমি জুনৰ পিছতহে চিন্তা-চৰ্চা কৰিম। যিহেতু আমি এটা ৰাষ্ট্ৰীয় দল, গতিকে আমি প্ৰথমে ৰাইজৰ ওচৰলৈ যাম। ৰাইজে যিটো কব সেয়া আমি ৰাজ্যিক কমিটিয়ে দিল্লীক জনাম। তাৰপিছত গণতান্ত্ৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিম।’

আনহাতে দলটোৰ সাংগঠনিক সম্পাদক লুইত কুমাৰ বৰ্মনেও স্পষ্টকৈ কয় যে অখিল গগৈৰ সৈতে ছ’চিয়েল মিডিয়াত চৰ্চা চলাৰ দৰেকৈ আপৰ সৈতে কোনোধৰণৰ যোগাযোগ চলা নাই। 'দৈনিক আমাৰ দলত ৪ হাজাৰৰো অধিক লোকে যোগদান কৰি আছে। দিল্লীৰ নিৰ্বাচনে সমগ্ৰ দেশতে এক নতুন ৰাজনীতিৰ সূচনা কৰিছে। সেয়ে দেশৰ সৰ্বসাধাৰণে আজি আপৰ প্ৰতি আকৃষ্ট হৈছে। আমি যিকোনো প্ৰকাৰে বিজেপিক প্ৰতিহত কৰিব লাগিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি বিবেচনা নকৰাকৈ সকলোৰে সৈতে ঐক্যৱদ্ধ হম।’-বৰ্মনে কয়।

বিজেপিক ভেটিব পাৰিবনে অখিলে?

কাৰাবন্দী অখিল গগৈয়ে কাৰাগাৰৰ পৰা ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি চলোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। কেব 'কা’ হোৱাৰ পিছৰে পৰা বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰি অহা ভিন্নজনে আদৰণি জনাইছে অখিলৰ উক্ত সিদ্ধান্তক। ইয়াৰ মাজতে একাংশই অখিলে বিজেপিক ৰোধ কৰাত কিমান সফল হ’ব পাৰিব তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

এই সন্দৰ্ভত বিজেপি ত্যাগ কৰা প্ৰাক্তন নেত্ৰী মীৰা বৰঠাকুৰে NNOৰ আগত কয় যে অকলে অখিলে কেতিয়াও বিজেপিক প্ৰতিহত কৰাতো সম্ভৱ নহয়। 'অখিলে সক্ৰিয় ৰাজনীতিত নামিব বুলি জানিবলৈ সুখী হৈছো। তেওঁক শুভেচ্ছা জনাইছো। আছুৱেও কালি পুনৰ ৰাজনৈতিক দল গঠনৰ কথা কৈছে। তেওঁলোককো শুভেচ্ছা জনাইছো। কিন্তু কথাটো হ’ল এনেকৈ বহুধা বিভক্ত হৈ থাকিলে অখিলেও একো কৰিব নোৱাৰে, আছুৱেও একো কৰিব নোৱাৰে। আছু, কৃষক মুক্তি তথা আনসকলো বিজেপি বিৰোধী শক্তি একগোট হ’ব লাগিব। তেতিয়াহে জনসাধাৰণক বিজেপিয়ে বিভ্ৰান্ত কৰিবলৈ সমৰ্থ নহ’ব।’-বৰ্তমানৰ পৰিস্থিতিত অগপ সম্পূৰ্ণৰূপে বিজেপিৰ বুকুত হেৰাই যোৱা বুলি উল্লেখ কৰি এইদৰে কয় প্ৰাক্তন বিজেপি নেত্ৰীগৰাকীয়ে।

তেওঁ আৰু কয়, 'মই বিজেপিৰ সৈতে দীৰ্ঘদিন জড়িত হৈ আছিলো। লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ ৰাজনীতিৰ বিষয়েও সূক্ষ্মভাৱে অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰিছো। তাৰ পৰা এয়া স্পষ্ট যে বিজেপিয়ে সদায় আঞ্চলিক দলসমূহক প্ৰথমে দুৰ্বল কৰি লয় আৰু পিছত গ্ৰাস কৰি পেলায়। বিপিএফ ইমানদিনে কংগ্ৰেছৰ লগত আছিল। তেতিয়া কিন্তু বিপিএফৰ এক সুকীয়া অস্তিত্ব অক্ষুণ্ন আছিল। কিন্তু যেতিয়াই বিজেপিৰ লগ ললে তেতিয়াই বিপিএফৰ শক্তি প্ৰায় নাইকিয়া হৈ পৰিল। একেদৰে এজিপি এতিয়া বিজেপিৰ বুকুত হেৰাই গ’ল। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এজিপিৰ কাৰ্যালয়টো বিবাহ ভৱন হ’ব। আজি সেয়াই হৈছে।’

অখিল গগৈ সাধাৰণ অসমীয়া ৰাইজৰ মাজত কিমান জনপ্ৰিয়?
 
২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সমুখত তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈ। বৃহৎ নদীবান্ধ, হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰি, ভূমিৰ অধিকাৰ, এপিএছৰ দুৰ্নীতিকে আদি কৰি একাধিক অভিযোগ উত্থাপন কৰি প্ৰায় প্ৰতিদিনে ৰাজপথ উত্তাল কৰি তোলা আন্দোলনকাৰী নেতাজনেই আছিল অখিল গগৈ। সেইসময়ত সাধাৰণ জনতা বাদেই অখিল গগৈৰ এই চৰকাৰ বিৰোধী স্থিতিলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল বিজেপিয়েও। এই কথা বিজেপিয়ে সংবাদমেলযোগে ঘোষণা কৰাৰ লগতে দলটোৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৃষক মুক্তিৰ কৃষকৰ দোকানলৈ তৰ্জুও আগবঢ়াইছিল।

কৃষক মুক্তিৰ আন্দোলনক সাৰথি কৰি ২০১৬ৰ নিৰ্বাচনী বৈতৰণী অনায়াসে অতিক্ৰম কৰাৰ পিছতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেকৈয়ে বিজেপি চৰকাৰেও অখিল গগৈক শত্ৰু জ্ঞান কৰিবলৈ আৰম্ভ কৰে। ছ’চিয়েল মিডিয়াতো অখিলৰ বিৰুদ্ধে বিজেপিৰ আইটি চেলে আৰম্ভ কৰে ব্যাপক অপপ্ৰচাৰ। অখিল গগৈক বিজেপিৰ আইটিচেলে একপ্ৰকাৰ পেছাদাৰী আন্দোলনকাৰী সজোৱাৰ লগতে তেওঁৰ লগত সাধাৰণ অসমীয়া ৰাইজ নাই বুলিও সকলোকে পতিয়ন নিয়াবলৈ চেষ্টা অব্যাহত ৰখা দেখা গৈছে। 

'অখিল গগৈয়ে কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে। কিন্তু বিজেপিৰ আইটি চেলে তেওঁৰ বিৰুদ্ধে এনেদৰে প্ৰচাৰ চলাইছে যেন অখিল গগৈয়ে চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে নহয়, বাংলাদেশী মুছলমানৰ অধিকাৰৰ বাবেহে মাত মাতিছে। অখিল গগৈক বাংলাদেশীৰ ৰক্ষক সজাবলৈয়ো উঠি-পৰি লাগিছে শাসকীয় পক্ষই। এনে অপপ্ৰচাৰত ভোল গৈ সাধাৰণ লোকসকলৰ বহুতেই অখিলৰ প্ৰতি যে বীতশ্ৰদ্ধ হৈ পৰিছে সেয়া নিশ্চিত। গতিকে ৰাজনীতিৰ পথাৰত সৰ্বসাধাৰণৰ আস্থাভাজন হ’বলৈ হ’লে প্ৰথমে অখিল গগৈয়ে বিজেপিৰ উক্ত অপপ্ৰচাৰক নস্যাৎ কৰাৰ ৰণনীতি যুগুত কৰিব লাগিব।’-NNOৰ আগত এইদৰে কয় ঈশ্বৰ প্ৰসন্ন নামৰ এগৰাকী সচেতন ব্যক্তিয়ে।

এসময়ত অখিলৰ কাৰ্যালয়ত ঘণ্টাৰ পিছত ঘণ্টা বহি আছিল বিজেপিৰ নেতা

যিসকল বিজেপিৰ নেতাই আজি অখিল গগৈৰ বিৰুদ্ধে মাত মাতি আছে সেইসকল বিজেপি নেতাই ২০১৬ চনৰ পূৰ্বে অখিল গগৈক কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতি সম্পৰ্কীয় বিভিন্ন তথ্য দি সহায় কৰিছিল। এই মন্তব্য কৰিছে অখিলৰ একালৰ সতীৰ্থ তথা বৰ্তমান স্বৰাজ অসমৰ নেতা ভৱেন সন্দিকৈয়ে। 

'জনলোকপাল আন্দোলনৰ জৰিয়তে কেন্দ্ৰত ২০১৪ত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছিল। একেদৰে অসমত অখিল গগৈয়ে কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসনকালৰ দুৰ্নীতিৰ বিৰুদ্ধে যি আন্দোলন চলাই গৈছিল তাৰ জৰিয়তে বিজেপি শাসনলৈ আহিবলৈ সমৰ্থ হয়। অখিল গগৈৰ কংগ্ৰেছ বিৰোধী সেই স্থিতিক বিজেপিয়ে খুব কৌশলপূৰ্ণভাৱে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে। আজি অখিলৰ বিৰুদ্ধে বিজেপিৰ যিসকল নেতাই মাত মাতি আছে সেইসকলৰ বহু নেতাই তেতিয়া অখিলক লগ পাবলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিছিল। সেইসকল বিজেপিৰ নেতাই আজি অখিলক বাংলাদেশীৰ ৰক্ষক আখ্যা দিবলৈ উঠি-পৰি লাগিছে।’-বুধবাৰে কাৰাগাৰত সাক্ষাৎ কৰাৰ সময়ত অখিল গগৈক যথেষ্ট শক্তিশালী ৰূপত দেখা বুলি উল্লেখ কৰি এই মন্তব্য কৰে একালৰ সতীৰ্থগৰাকীয়ে।

তেওঁ আৰু কয় যে বিজেপিয়ে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় অসমৰ ৰাইজে লাহে লাহে প্ৰকৃত কথাবোৰ বুজি উঠিছে। 'অসমৰ জাতীয় স্বাৰ্থত সদায় আপোচহীনভাৱে মাত মাতি অহা সংগ্ৰামী নেতাজনেই হৈছে অখিল গগৈ। বিজেপিয়ে ছ’চিয়েল মিডিয়াত যিমানেই অপপ্ৰচাৰ নকৰক কিয় অখিল আৰু কৃষক মুক্তি কোন হয় সেয়া প্ৰতিজন অসমীয়াই জানে। যিখন বিজেপি চৰকাৰ অহাৰ ক্ষেত্ৰত অখিল গগৈৰ মুখ্য ভূমিকা আছিল সেইখন চৰকাৰৰ দিনতে তেওঁ অধিক সময় জেলত আৱদ্ধ হৈ আছে। এই কথাই ইয়াকে প্ৰতিপন্ন কৰে যে দুৰ্নীতি ৰোধ কৰাতো বিজেপিৰ লক্ষ্য নহয়, তেওঁলোকৰ লক্ষ্য হৈছে কৌশলৰে গাদী লাভ।’-কংগ্ৰেছৰ কাৰণে বিজেপি যিদৰে প্ৰত্যহ্বান হৈ পৰিছিল ঠিক তেনেকৈ বিজেপিৰ বাবেও অখিল গগৈ এতিয়া প্ৰধান প্ৰত্যাহ্বান বাবেই ২০২১ লৈ মাজত মাথো কেইটামান মাহ বাকী থকা অৱস্থাত এনেদৰে নিয়াৰ দৰে এজেন্সীসমূহক ব্যৱহাৰ কৰি জেলত আৱদ্ধ কৰি ৰখাৰ অভিযোগ তুলি এইদৰে কয় স্বৰাজ অসমৰ নেতা সন্দিকৈয়ে।