ডিজিটেল ডেস্কঃ উপনিৰ্বাচনত জয়লাভ কৰাৰ পাছত সংবাদমেলৰ সম্বোধন কৰে উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সমাজবাদীৰ নেতা অখিলেশ যাদৱে৷ সংবাদমেলত যাদৱে বিজয় সাব্যস্ত কৰাৰ মূল হিচাপে দৰিদ্ৰ কৃষকসকলৰ লগতে গুৰুত্বপূৰ্ণ নিৰ্বাচনখনত সমৰ্থন কৰা বহুজন সমাজ পাৰ্টিৰ নেতাসকলক ধন্যবাদ জনাই৷

ইয়াৰোপৰি কমুউনিষ্ট দলকো ধন্যবাদ জ্ঞাপন কৰে অখিলেশ যাদৱে৷ যাদৱে লগতে উত্তৰপ্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ নতুন সংকেত কঢ়িয়াই আনিছে বুলি কয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়, যিখন ৰাজ্যৰ পৰা মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী জয়ী হৈ আহিছে, সেই ৰাজ্যতে জনসাধাৰণ ইমান অসন্তুষ্ট হৈ পৰিলে বাকী ঠাইসমূহত কেনে পৰিস্থিতিৰ সৃষ্টি হ’ব৷

জনসাধৰণৰ ক্ষোভৰ কথা কৈ দেশৰ জনতাই পৰিৱৰ্তন বিচৰা বুলি কয় অখিলেশে। যিখন চৰকাৰে জনসাধাৰণক দুখ দিয়ে, জনসাধাৰণে সেই চৰকাৰক উত্তৰ দিব জানে। ভাল দিন নাহিল, জনসাধাৰণ এতিয়া একত্ৰিত গৈছে। বিজেপিৰ বেয়া দিন আনিবৰ বাবে কাম কৰিব বুলিও কয় অখিলেশে।