গুৱাহাটীঃ অসমৰ সাংসদ সুষ্মিতা দেৱে ‘টেক্স ফ্ৰী উইংগছ’ নামৰ এক বিশেষ সজাগতা অভিযান আৰম্ভ কৰাৰ পাছতে দেশজুৰি শ শ মহিলাই এই অভিযানত সমৰ্থন আগবঢ়াইছিল৷ ইমানে নহয় সাংসদগৰাকীয়ে চেনিটেৰী নেপকিনৰ ওপৰত চৰকাৰো লগোৱা কৰ আঁতৰোৱাৰ বাবে চেঞ্জ ডট অৰ্গযোগে প্ৰচাৰ আৰম্ভ কৰিছিল৷ ২০১১ চনৰ এক চৰকাৰী সমীক্ষা মতে ১১ শতাংশ মহিলাইহে চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। বহুতে আকৌ ইয়াক বিলাসিতা বুলিও গণ্য কৰে।

অসমত মাহেকীয়া সংক্ৰান্ত সজাগতা আৰু জ্ঞান বহু মহিলাৰ বহু কম৷ চেনিটেৰি নেপকিন দুৰৰ কথা একেখন টুকুৰা কাপোৰকে বাৰম্বাৰ ব্যৱহাৰ কৰে কিছু মহিলাই। চেনিটেৰী নেপকিন কেনেকৈ ব্যৱহাৰ কৰিব মহিলা সকলে জ্ঞাত নহয়৷ অস্বাস্থ্যকৰ নেপকিনৰ মাধ্যমেদি মেগটছ, মায়'ছিছ জাতীয় বিজানু সংক্ৰমণ হ’ব পাৰে৷ এনেবোৰ সামাজিক বাৰ্তা লৈ ছবিঘৰলৈ আহিছে অক্ষয় কুমাৰৰ হিন্দী বোলছবি পেডমেন৷ মহিলাৰ সমস্যাক লৈ নিৰ্মাণ কৰা অক্ষয় কুমাৰৰ বহু চৰ্চিত হিন্দী ছবি PadMan আহিল ছবিঘৰলৈ।

যোৱা ৯ ফেব্ৰুৱাৰীত ছবিঘৰলৈ অহা PadMan-এ দৰ্শকৰ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে৷ ছবিখনৰ অভিনেতা অক্ষয় কুমাৰৰ অভিনয়ে দৰ্শকক আপ্লুত কৰাৰ লগতে এক সামাজিক বাৰ্তা প্ৰেৰণ কৰা বুলি চৰ্চিত হৈছে৷ গুৱাহাটী মহানগৰীৰ চিনামা হ’ল সমূহো দৰ্শকেৰে ভৰি পৰে৷ চেনিটেৰী নেপকিন সন্দৰ্ভত তথা ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ বাবে নিৰ্মাণ কৰা চিনেমাখনৰ ছবিঘৰলৈ অহাৰ পূৰ্বে জনসাধৰণৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছিল।

অক্ষয়ৰ লগতে ৰাধিকা আপ্তে, চোনম কাপুৰেও চিনেমা খনত বলিষ্ঠ অভিনয় কৰে। মধ্যপ্ৰদেশত জন্মগ্ৰহণ কৰা অৰুণাচলম নামৰ এগৰাকী লোকৰ জীৱনত সংঘটিত ঘটনাক বাস্তৱত দেখুওৱাৰ চেষ্টা কৰে ছবিখনৰ পৰিচালকে। জানিব পৰা মতে, দেশত ১১ শতাংশ মহিলাই পেডৰ ব্যৱহাৰ কৰে বাকী মহিলাই লেতেৰা পেলনীয়া কাপোৰ, পাত আৰু ৰাখ ব্যৱহাৰ কৰে। যাৰ ফলত বিভিন্ন বেমাৰ-আজাৰ সংক্ৰমণ হৈ আহিছে মহিলাৰ শৰীৰত৷ এনে সমস্যাসমূহৰ প্ৰতিকাৰ তথা চেনিটেৰী নেপকিন ৰোধ কৰিব পাৰে কিন্তু টকাৰ অভাৱত ক্ৰয় কৰিব নোৱাৰি বহু মহিলাই এই ৰোগ্যত আক্ৰান্ত হয়।

বহু লোকে মহিলাৰ মাহেকীয়াক বেমাৰ বুলি ভাবে৷ এই ধাৰণাৰ সলনি কৰাৰ চেষ্টা তথা বাৰ্তা দিব বিছাৰিছে চিনেমাখনে৷ ৯০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনে বক্স অফিচত মুক্তি লাভ কৰাৰ প্ৰথমটো দিনতেই ১০ কোটি টকা উপাৰ্জন কৰে। ট্ৰেড এনিলিষ্ট ৰমেশ ৱালাই টুইট কৰি বক্স অফিচত প্ৰায় ১৪ কোটি টকা উপাৰ্জন কৰা বুলি মন্তব্য আগবঢ়ায়। এতিয়া প্ৰায় ৩০ কোটি টকা উপাৰ্জন কৰে বোলছবি খনে। চেনিটেৰী নেপকিনে প্ৰাধান্য পোৱা PadMan চাবলৈ মানুহৰ ভিৰ কৰে চিনেমা হ’লত৷