গুৱাহাটীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দেহবিজ্ঞান বিভাগৰ অধ্যাপক, লেখিকা তথা সুকন্ঠী গায়িকা ডা০ কৰবী গোস্বামীৰ গুৱাহাটী প্ৰেচ ক্লাবত আজি দ্বিতীয়খন এলবাম দুৰ্গা বন্দনাৰ শ্ৰব্য চিডি 'মা ভৱানী’য়ে মুক্তি লাভ কৰে।

থাৰ্টিন্থ মাৰ্চ প্ৰডাকচনৰ নিবেদিত এই শ্ৰব্য চিডি খনত এটা নাম, চাৰিটা গীত, আৰু চাৰিটা শ্লোক আছে। আজিৰ উন্মোচনী অনুষ্ঠানখনত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল ড০ দয়ানন্দ পাঠক, ডা০ অঞ্জনজ্যোতি চৌধুৰী, আৰু জ্যেষ্ঠ অভিনেতা নীলু চক্ৰৱৰ্তী।