ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅ’ মুকলি কৰাৰ পিছ পাছত দেশত ৪ জি স্মাৰ্টফ’নৰ পয়োভৰ ঘটিল৷ এনে সময়তে এয়াৰটেলে এমেজনৰ সৈতে অংশীদাৰ হৈ ৪জি স্মাৰ্টফোনত বিশেষ অফাৰ ঘোষণা কৰিছে৷ এমেজন আৰু এয়াৰটেলে এই বিষয়ত এনে এটা সিদ্ধান্ত লোৱাৰ কথা চিন্তা কৰে৷

এমেজনৰ পৰা ৪ জি ফ’ন ক্ৰয় কৰিলে গ্ৰাহকে ২,৬০০ টকাৰ কেশ্ববেক পাব৷ এয়াৰটেলে পাৰ্টনাৰশ্বিপৰ সিদ্ধান্ত লোৱা ‘মেৰা পহলা স্মাৰ্টফ’ন’ৰ অভিযানৰ অন্তৰ্গত৷ এমেজনত বিক্ৰী কৰা শ্বাওমি, ছেমছাং, ৱানপ্লাচ, অ’নৰ, এলজি, লিনেভ’ আৰু মট’ৰলাৰ দৰে ৬৫ টা স্মাৰ্টফ’নৰ পৰা সুবিধা লাভ কৰিব গ্ৰাহকে৷

এয়াৰটেলে স্মাৰ্টফ’ন ক্ৰয় কৰা গ্ৰাহকক এই সুযোগ প্ৰদান কৰিব৷ ৩৬ মাহৰ ভিতৰত গ্ৰাহকে ২০০০ হাজাৰ টকাৰ কেচবেক পাব৷ প্ৰথমবাৰৰ বাবে ১৬৯ ৰ ৰিচাৰ্জ কৰালে ৬০০ টকাৰ কেশ্ববেক কুপন লাভ কৰিব উপভোক্তাকাৰীয়ে৷ কিন্তু এমেজনৰ পৰা ফ’ন ক্ৰয় কৰাৰ সময়ত সম্পূৰ্ণ টকা দিহে স্মাৰ্টফ’ন ল’ব পৰা যাব৷ ২৪ মাহৰ ভিতৰত প্ৰত্যেক মাহৰ পাছত ২৫ টকাকৈ টকা ঘূৰাই দিব৷ বিশেষকৈ এই ৰিচাৰ্জ এমেজনৰ পৰা কৰালেহে এই সুবিধা লাভ কৰিব পৰা যাব৷ ৰিচাৰ্জৰ এই টকা এমেজনৰ ৱালেটট জমা হ’ব৷

লগতে এয়াৰটেলে ১৬৯ টকাৰ ৰিচাৰ্জত এমাহৰ বাবে আনলিমিট ফ’ন তথা প্ৰতিদিনে ১ জী.বিকৈ লাভ কৰিব ইন্টাৰনেট ডাটা৷ ৫০০আৰু ১,৫০০ টকাৰ ৰিফাণ্ডৰ বাবে ১৮ মাহলৈকে ৩,৫০০ টকাৰ ৰিচাৰ্জ কৰিলে কেচবেক লাভ কৰিব গ্ৰাহকে৷ অন্যহাতে ৬০০ টকাৰ ঘূৰাই পাবলৈ ২৪ মাহলৈকে ১৬৯ টকা ৰিচৰ্জ কৰিব লাগিব৷ অৱশেষত এনেদৰে ৫ বছৰৰ ভিতৰত ২,৬০০ টকা ঘূৰাই পাব গ্ৰাহকে৷