গুৱাহাটীঃ পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো নীলাচলৰ বুকুত প্ৰতিষ্ঠিত কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বাবে ইতিমধ্যে প্ৰশাসনৰ লগতে সাজু হৈ পৰিছে কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ো।

অহা ২২ জুনৰ নিশা ১বাজি ৪০ মিনিট ১৮ চেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হোৱাৰ লগে লগেই প্ৰচলিত পৰম্পৰা অনুযায়ী ২৩,২৪ আৰু ২৫জুনলৈ ভক্তৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দ্বাৰ। 

২৬জুনৰ পুৱা দেৱীৰ নিত্য-পূজা সমাপনৰ পিছতে দর্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব মন্দিৰৰ দ্বাৰ। এই কথা আজি এক সংবাদ মেল পাতি জানিবলৈ দিয়ে কামাখ্যা মন্দিৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই। 

মন্দিৰৰ চৌহদত থকা দ'লৈৰ কাৰ্যালয়ত অম্বুবাচীৰ সন্দৰ্ভত আয়োজিত সংবাদমেল খনত তেঁও ইয়াৰ উপৰিও কয় "অম্বুবাচীৰ পাছত ২৬ জুনৰ পুৱা ৬ বজাত ভক্তৰ বাবে মন্দিৰ দুৱাৰ মুকলি কৰা হ'ব ।সেইদিনা বিয়লি ৪.৩০ বজালৈকে ভক্ত সকলে দর্শন কৰিব পাৰিব মন্দিৰ।

ইয়াৰ উপৰিও শৰ্মাই আজি সংবাদ মেলত জানিবলৈ দিয়ে যে অম্বুবাচীৰ মেলা উপলক্ষে বৰ্তমান চলি থকা মন্দিৰ দৰ্শনৰ বিশেষ ব্যৱস্থা সমূহৰ কিছু সালসলনি কৰা হৈছে।সেই অনুসৰি ২১ জুনৰ পৰা ৩০ জুনলৈকে বৰ্তমান সময়ত প্ৰচলিত প্ৰতিৰক্ষাৰ বাহিনী ৫০ টকা মূল্যৰ বিশেষ টিকটৰ সুবিধা বন্ধ থাকিব।একেদৰে ২৬ আৰু ২৭ জুনত ভিআইপি,ভিভিআইপি বাবে থকা ৫০১ টকা মূল্যৰ টিকটৰ সুবিধা বন্ধ থাকিব। ফলত সেই দিনদুটাত সাধাৰণ নাগৰিক হিচাপে সকলো যাব লাগিব। 

আনহাতে আজি সংবাদ মেল খনতে কামাখ্যা মন্দিৰৰ সৰুদলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচীলৈ আহিব লগা তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ সন্দৰ্ভত কয় যে প্ৰতিবাৰৰ দৰে এইবাৰো  আইন শৃংখলাৰ সুনিশ্চিত কৰাৰ বাবে দেৱালয়ৰ তৰফৰ পৰা ১২০ জন স্থায়ী সুৰক্ষা কৰ্মীৰ উপৰিও ৪০০ গৰাকী স্কাউত গাইড, ৪০০গৰাকী স্বেচ্ছাসেৱক ,১৪০ গৰাকী অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হ'ব। ইয়াৰ  উপৰিও দেৱালয় চৌপাশে পূৰ্বতে থকা ১২০টা চিচিটিভি কেমেৰা লগত এইবাৰ নতুনকৈ মন্দিৰৰ ফালৰ পৰা ১৮০টা চিচিটিভি কেমেৰা ইতিমধ্যে স্থাপন কৰা হৈছে।

ইয়াৰ উপৰিও অম্বুবাচীৰ সময়ত মন্দিৰ চাফ-চিকুনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বুলি আজি সংবাদ মেলত জানিবলৈ দিয়ে।সেই অনুসৰি বৰ্তমান দেৱালয়ত থকা ২১০ জন স্থায়ী চাফাই কৰ্মীৰ উপৰিও ২০০ অস্থায়ী চাফাই কৰ্মীক অম্বুবাচীৰ সময়ত নিয়োগ কৰা হব।

সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়া অনুসৰি দেৱালয় তৰফৰ পৰা অম্বুবাচীৰ সময়ছোৱাত  বংশীবাগানত দেৱী দৰ্শনৰ বাবে সমবেত হোৱা দর্শনাৰ্থীৰ সুবিধাৰ বাবে অস্থায়ী জিৰণি ঘৰ, চিকিৎসা শিবিৰ, প্ৰসাৱ-গাৰ আৰু খোৱাপানীৰ সু ব্যৱস্থা থাকিব। লগতে নামনি কামাখ্যাৰ পৰা ওপৰলৈ অহা পদপথ, মটৰ পৰিবাহী পথছোৱাৰ মাজে মাজে তীৰ্থযাত্ৰীৰ জিৰণি চৰা, খোৱা পানীৰ ব্যৱস্থা, উপযুক্ত বিজুলী বাতিৰ ব্যৱস্থা তথা পৰ্যাপ্ত সুৰক্ষা কৰ্মীৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে দেৱালয় তৰফৰ পৰা প্ৰশাসনক আহ্বান জনোৱা বুলি জানিবলৈ দিয়ে। সেইদৰে অম্বুবাচীৰ দিনকেইটাত তীৰ্থযাত্ৰী সকলৰ সুবিধাৰ্থে ২৪ ঘণ্টাই খোৱাপানী , বিদ্যুৎ যোগান, স্বাস্থ্য সেৱা আৰু পর্যাপ্ত শৌচালয়ৰ ব্যৱস্থা কৰিবলৈয়ো প্ৰশাসনক অৱগত কৰা বুলি তেওঁলোকে সংবাদ মেলত জানিবলৈ দিয়ে।

ইফালে আজি সংবাদ মেলৰ যোগেদি মন্দিৰ পৰিচালনা কমিটিৰ যুটীয়া সম্পাদক ভূপেশ শৰ্মা আৰু মেলা পৰিচালনা সমিতিৰ সম্পাদক চন্দন শৰ্মা অম্বুবাচীলৈ আহিব লগা ভক্তসকলক উদ্দেশ্য কৰি কয় যে "অম্বুবাচী মহাযোগৰ সময়ত যাতে  কামাখ্যা মন্দিৰলৈ অহা ভক্ত সকলে ধঁপাত সেৱনৰ পৰা বিৰত থাকি সমগ্ৰ অঞ্চলটো যাতে ধঁপাত মুক্ত কৰি ৰাখে। লগতে চাফ-চিকুনতা প্ৰতি লক্ষ্য ৰাখি ভক্তসকলে যাতে প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনা সমূহ যতে- ততে পেলাই মন্দিৰৰ পৰিবেশ যাতে বিনষ্ট নকৰে তাৰ বাবেও আহ্বান জনায়।তদুপৰি মন্দিৰৰ চৌহদ অম্বুবাচীৰ সময়ছোৱাত চাফ চিকুণ কৰিবলৈ প্ৰশাসনক নিশা ১২ বজাৰ পৰা পুৱা ৫ বজালৈ বেৰীকেডৰ ব্যৱস্থা কৰি ভক্ত সকলক তলতে ৰখাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় । 

আনহাতে আজি বিয়লি অম্বুবাচীৰ মেলাৰ সম্পৰ্কত মন্দিৰৰ পৰিচালনা সমিতিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ। সেই অনুসৰি অম্বুবাচীৰ দিনকেইটাত প্ৰশাসনৰ ফালৰ পৰা তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও প্ৰশাসনৰ ফালৰ পৰা ২৮০টা চিচিটিভি মন্দিৰৰ চৌহদত সংলগ্ন থাকিব। ইয়াৰ উপৰিও মেটেল ডিটেক্টৰৰ ব্যৱস্থা থাকিব। ইফালে দেশৰ চোৰাংচোৱা সন্থা পূৰ্বৰ সতৰ্কবাণী অনুসৰি অম্বুবাচীৰ মেলাৰ সময়চোৱাত সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি হাই এলাৰ্ট জাৰি কৰিছে ৰাজ্য গৃহবিভাগলৈ। সেই অনুসৰি এইবাৰ অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰৰ চৌহদ পুৰ্বতকৈ বৃদ্ধি পাব নিৰাপত্তা ব্যৱস্থা।