আগৰতলাঃ ত্ৰিপুৰা বিধান সভা নিৰ্বাচনলৈ মাজত মাথো ৬টা দিন। কি কংগ্ৰেছ, কি বিজেপি-সকলোৱে উঠিপৰি লাগিছে। যৎপৰনাস্তি চেষ্টা চলোৱাত পিছ পৰা নাই বাওপন্থী শাসকপক্ষও। অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মায়ঙৰ যাদুৰেহে যেন ভোট আদায় কৰিব। হিমন্ত বিশ্ব শৰ্মাই ভাষণেৰে ত্ৰিপুৰাত ভোটাৰক মোহাচ্ছন্ন কৰাৰ বিপৰীতে কংগ্ৰেছেও পুৰ্ণগতিত চলাইছে বোকা চটিওৱাৰ খেল। খেলখনত নতুন মাত্ৰা প্ৰদান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ মন্তব্যই। 

'ত্ৰিপুৰাত বিজেপিৰ ভেঁটি তেনেই নিশকতীয়া।’ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে সোমবাৰে  সংবাদ মেল অনুষ্ঠিত কৰি এই কথা অকপটে স্বীকাৰ কৰে। কংগ্ৰেছ দলে সোপন্থী ভোট বিভক্ত কৰি কংগ্ৰেছ দলটোৱে দৰাচলতে ১৮ ফেব্ৰুৱাৰীত হ’বলগীয়া বিধানসভা নিৰ্বাচনত শাসকীয় দল চিপিআই-এমক সহায়হে কৰিছে। অৱশ্যে বিজেপিৰ বিজয়ৰ বাটত এনে কাৰ্যপন্থা হেঙাৰ হিচাপে থিয় দিয়াৰ সম্ভাৱনীয়তাক নশ্চ্যাৎ কৰে সংবাদ মেল যোগে অধ্যক্ষ শ্বাহে। 

'মণিপুৰ আৰু অসমতো বিজেপিৰ ভেঁটি সিমান সুদৃঢ় নাছিল। ২০১৩ চনৰ নিৰ্বাচনত বিজেপিৰ ভোটৰ পৰিমাণো তেনেই কম আছিল। একেদৰে ত্ৰিপুৰাতো ২০১৩ চনৰ নিৰ্বাচনত বিজেপিৰ ভোটৰ হাৰ তেনেই তাকৰীয়া আছিল। কিন্তু এতিয়া বিজেপি এক বৃহৎ শক্তিলৈ পৰিণত হৈছে।’- এনেদৰে সংবাদমাধ্যমৰ আগত আত্মপ্ৰত্যয় জাহিৰ কৰে অধ্যক্ষগৰাকীয়ে। চুবুৰীয়া ৰাজ্যদুখনত গেৰুৱা দলটোৰ শেহতীয়া সফলতাৰ কথা দোহাৰি শ্বাহে কয় যে ত্ৰিপুৰাতো বিজেপিৰেই জয়ধ্বজা উৰিব। 

বিজেপিৰ এনে গেৰুৱাকৰণৰ সাফল্যৰ শংকাত ডুব যোৱা চিপিআইএমসকলৰ টোপনি হৰিছে, সেয়ে বিজেপি কৰ্মীক এনেদৰে বাওপন্থী দলটোৰ সদস্যই আক্ৰমণ কৰি আহিছে। এনেদৰে শেহতীয়াকৈ বিজেপিৰ কৰ্মীৰ ওপৰত আক্ৰমণৰ বাবে পোনচাটে চিপিআইএমক দোষী সজাই শ্বাহে মন্তব্য আগবঢ়ায়। এনে বেআইনী কামৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে চিপিআইএমৰ আঙুলিৰ ঠাঁৰত নচা বুলি অভিযোগ আনে শ্বাহে। .

আনকি শেহতীয়াকৈ বিত্তীয় আয়োগৰ পৰামৰ্শ মতে কেন্দ্ৰই ত্ৰিপুৰা চৰকাৰক বিভিন্ন প্ৰকল্পৰ অধীনত নিৰ্ধাৰণ কৰি দিয়া ১৮,০০০ কোটি টকাৰ আৱণ্টিত ৯৫০ কোটি টকাৰো ব্যয়ৰ ক্ষেত্ৰত সন্দেহৰ আঙুলি টোৱায় গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষজনে। উল্লেখ্য যে বিজেপিৰ শীৰ্ষস্থানীয় নেতৃবৰ্গই ত্ৰিপুৰাৰ নিৰ্বাচনী ৰণত কঁকালত টঙালি বান্ধি প্ৰচাৰ চলাইছে। 

উল্লেখ্য যে ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত শাসকীয় দল চিপিআইএমৰ ৫৭ গৰাকী আৰু বিজেপিৰ ৫১ গৰাকী প্ৰাৰ্থী থিয় দিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৰাজ্যখনৰ মুঠ ৬০ টা সমষ্টিৰ বাবে ৫৯ গৰাকী প্ৰাৰ্থীৰে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰাৰ চেষ্টা চলাব। ভোটগণনা হ’ব ৩ মাৰ্চত।