দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লী পুলিচ কমিছনাৰক তলব

নতুন দিল্লীঃ এইবাৰ ৰাজধানী দিল্লী চহৰত সাম্প্ৰদায়িক সংঘৰ্ষ। গাড়ীৰ পাৰ্কিঙক লৈ দুজন ব্যাক্তিৰ কাজিয়াই গৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ ল’লে৷ কাৰণ কাজিয়াত লিপ্ত হোৱা এই দুগৰাকী ব্যাক্তিৰ এগৰাকী হিন্দু আৰু আনগৰাকী মুছলমান আছিল৷

হিন্দু মানুহে মুছলমানক আক্ৰমণ কৰা বুলি বাতৰি ৱাটছআপ যোগে প্ৰচাৰ হোৱাৰ লগে লগে ঘটনাটোৱে সাম্প্ৰদায়িক ৰূপ সয় আৰু মুছলমান সকলে হিন্দুসকলৰ মন্দিৰ এটা ভাঙি চুৰ-মাৰ কৰে৷ এই ঘৃননীয় ঘটনাটোত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে গভীৰ দুখ প্ৰকাশ কৰিছে৷ 

এই দুখজনক ঘটনাটো ঘটাৰ পিচতে গৃহমন্ত্ৰীজনে দিল্লীৰ আৰক্ষী অধীক্ষকৰ লগত পৰিস্থিতি নিয়ন্ত্ৰনৰ সন্দৰ্ভত আলোচনা কৰে৷
গৃহমন্ত্ৰীজনে আৰক্ষীৰ পৰা গোটেই ঘটনাটোৰ বিষয়ে সম্পুৰ্ন প্ৰতিবেদন তলব কৰে৷নতুন দিল্লীৰ স্পৰ্ষকাতৰ এলেকা সমুহত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনী মোটায়েন কৰা হৈছে৷জানিব পৰা মতে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰনৰ ভিতৰত আছে৷ইতিমধ্যে আক্ৰমনকাৰী সকলৰ তিতনিজলক গ্ৰাপ্তাৰ কৰা হৈছে৷ চিচি টিভিৰ ফুটেজ অধ্যায়ন কৰি বাকী সকল আক্ৰমণকাৰী বিচাৰি থকা হৈছে৷চাৰিওফালে উত্তেজনাঈ বিৰাজ কৰিছে৷


 
উল্লেখযোগ্য যে যোৱা ৰবিবাৰে দিল্লীৰ চান্দনী চ’কৰ হউজ কাজি এলেকাৰ ফলবিক্ৰতা সঞ্জীৱ গুপ্তাৰ ঘৰৰ সন্মুখত আছ মহম্মদ নামৰ ব্যাক্তি এজনে নিজৰ গাড়ীখন পাৰ্ক কৰে৷

গাড়ীখন সেই ঠাইত নাৰাখিবলৈ গুপ্তাই মহম্মদক কয় যদিও মহম্মদে গুপ্তাৰ লগত কাজিয়াত লিপ্ত হয়৷কাজিয়াৰ অন্তত আছ মহম্মদে গাড়ীখন লৈ সেই স্থান ত্যাগ কৰে যদিও অলপ সময়ৰ পিচতেই নিজৰ সম্প্ৰদায়ৰ বহুতো মানুহ লৈ পুনৰ সেই ঠাইলৈ উভতি আহি সঞ্জীৱ গুপ্তাৰ ঘৰ আক্ৰমন কৰে আৰু লগতে আক্ৰমনকাৰী সকলে গুপ্তাৰ ঘৰৰ ওচৰত থকা মন্দিৰ এটাও আক্ৰমন কৰি ভাঙি চুৰ-মাৰ কৰে৷ঘটনাৰ খৱৰ পাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে তথাপিও ঘটনাস্থলীত উত্তেজনা অব্যাহত আছে৷

ইতিমধ্যে পুৰনি দিল্লী ফাটেহপুৰী মছজিদৰ ইমাম মুফটি মুক্কাৰম চাহাৱে এই ঘটনাৰ নিন্দা কৰিছে৷তেখেতে দোষীক কাৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়াৰ পোষকতা কৰিছে আৰু অঞ্চলটোৰ হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ লোকসকলক আলোচনা কৰি ঘটনাতোৰ দ্বাৰা হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সমাধান উলিয়াবলৈ আৰু মন্দিৰতোৰ ক্ষয়-ক্ষতি মুছলমান সম্প্ৰদায়ক বহন কৰিবলৈ আহ্বান জনায়৷