ছিলংঃ যোৱা তিনি জুনত অৰুণাচল প্ৰদেশত সন্ধানহীন হোৱা বায়ুসেনা বাহিনীৰ এএন-৩২ বিমানৰ সন্ধান লাভ কৰিবলৈ দহ দিনৰো অধিক সময়ৰ প্ৰয়োজন হ’ল৷

 যোৱা মঙলবাৰে ৰাজ্যখনৰ চিয়াং আৰু শ্চিল-য়মী জিলাৰ সীমান্তৰ গাতে নামৰ গাঁৱৰ ওচৰত প্ৰায় ১২ হাজাৰ ফুট উচ্চতাত এক দুৰ্গম অঞ্চলত বিমানখনৰ ভগ্নাৱশেষ প্ৰত্যক্ষ কৰা হয়৷ 

প্ৰায় দহদিনত বায়ুসেনা বাহিনীয়ে হেলিকপ্তাৰ যোগে ২০০ উৰণ সমপন্ন কৰাৰ পাছতহে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ সন্ধান লাভ কৰা হয়৷ উদ্ধাৰকাৰী দলে ৰাছিয়ান প্ৰযুক্তিৰ বিমানখনৰ ককপিট ভইচ ৰেৰ্কডাৰ আৰু ফ্লাইটডাটা ৰেৰ্কডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ 


 
ছিলংস্থিত বায়ুসেনা বাহিনীৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে প্ৰকাশ কৰা মতে বিমানখনত ভ্ৰমণ কৰা ১৩ জন বিষয়াৰ মৃত্যু ঘটিছে৷ যোৱা ৩ জুনত যোৰহাটৰপৰা চীন সীমান্তৰ মেচুকালৈ যোৱাৰ পথত বিমানখনে উৰণ আৰম্ভ কৰাৰ আধা ঘণ্টা পাছতে ইয়াৰ সৈতে সংযোগ বিচ্ছিন্ন হয়৷

মুখপাত্ৰ গৰাকীয়ে লগতে কয় যে বেয়া বতৰৰ মাজতে নিহত সকলৰ মৃতদেহ পৰ্যায় ক্ৰমে যোৰহাটলৈ অনা হ’ব আৰু পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব৷ 

মৃত্যু হোৱা লোক কেইজন ক্ৰমে-জিএম চাৰ্লচ, এচ বিনোদ, আৰ থাপা, এ তনবৰ, এচ মোহনতী, এমকে গাৰ্গ, কেকে মিশ্ৰ, অনুপ কুমাৰ, শেৰিন, এচকে সিং, পংকজ, পুতলী আৰু ৰাজেশ৷