প’ৰ্ট ব্লেয়াৰঃ আধুনিকতাক বেয়া পোৱা আৰু প্ৰাকৃতিক পৰিৱেশকেই আকোঁৱালি লৈ থকা আন্দামান আৰু নিকোবৰ দ্বিপপুঞ্জৰ আদিম জনগোষ্ঠীয়ে এজন আমেৰিকানক হত্যা কৰাৰ বাতৰি পোহৰলৈ আহিছে। ২৭ বছৰীয়া জন এলেন চাউ নামৰ আমেৰিকাৰ বাসিন্দাজনক ভৰতৰ একেবাবে পূব প্ৰান্তৰ সৰু দ্বীপত বাস কৰা জনগোষ্ঠীটোৰ ওচৰলৈ লৈ যোৱা সাতজন মাছমৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

২০১১ চনৰ তথ্যমতে আধুনিকতাক সহ্য কৰিব নোৱাৰা এই আদিম জনগোষ্ঠীটোৰ জনসংখ্যা মাত্ৰ ৪০ জন। 

বিলুপ্তিৰ দিশে গৈ থকা এই জনগোষ্ঠীটোৱে বহিঃবিশ্বৰ সংস্পৰ্শলৈ আহিবলৈ নিবিচাৰে যদিও একাংশ স্থানীয় লোকে উপঢৌকনৰ বিনিময়ত সততে বাহিৰা লোকক তালৈ লৈ যায়। এলেনকো এনেদৰে লৈ যোৱা হৈছিল বাহিৰৰ মানুহ দেখিলেই আক্ৰমণ কৰা জনগোষ্ঠীটোৰ ওচৰলৈ।

এলেনক লৈ যোৱা মাছমৰীয়াসকলে কয় যে যোৱা ১৬ নৱেম্বৰত আমেৰিকানজনে দ্বীপটোত ভৰি দিয়াৰ লগে লগে আদিম বাসিন্দাসকল আক্ৰমণাত্মক হৈ পৰে আৰু ধনু-কাঁড়েৰে আক্ৰমণ চলায়। কাঁড়ৰ আঘাটত ধৰাশায়ী হৈ পৰা এলেনক আদিমবাসীসকলে হাবিৰ মাজলৈ চোঁচৰাই লৈ যায়। পৰৱৰ্তী সময়ত বালিত অৰ্ধ কবৰস্থ আৱস্থাত এলেনৰ দেখা পোৱা গৈছিল।

জানিব পৰা মতে এলেনে ১৪ নৱেম্বৰতে সেই ঠাইত উপস্থিত হৈছিলগৈ যদিও জনগোষ্ঠীটোৰ আবাসভূমিলৈ দুদিনৰ পাছতহে সাজু হৈ গৈছিল।

মাছমৰীয়াকেইজনে কয় যে শৰীৰত কাঁড় লগাৰ পাছতেো এলেনে খোজ কাঢ়ি আছিল। আক্ৰমণাত্মক আদিমবাসীসকলে তেওঁৰ ডিঙিত এডাল জৰীৰে মেৰিয়াই চোঁচৰাই লৈ গৈছিল। ইয়াৰ পাছতে মাছমৰায়াকেইজন ভয়তে সেই স্থান ত্যাগ কৰিছিল। পাছদিনা পুৱা পুনৰ সেই স্থানলৈ গৈহে এলেনৰ মৃতদেহ তেওঁলোকে প্ৰত্যক্ষ কৰিছিল।

মাছমৰায়াকেইজনে প’ৰ্ট ব্লেয়াৰত থকা এলেনৰ বন্ধু এলেক্সক সমগ্ৰ কাহিনী কোৱাতহে ঘটনাটো পোহৰলৈ আহে। এলেক্সে আমেৰিকাত থকা এলেনৰ পৰিয়ালক কথাটো অবগত কৰাত তেওঁলোকে নতুন দিল্লীস্থিত আমেৰিকান দূতাবাসৰ সহায় বিচাৰে।