মুম্বাইঃ দেশৰ অন্যতম ধনাঢ্য অনিল আম্বানীৰ কণিষ্ঠ পুত্ৰ ২৩ বছৰীয়া আনছুল আম্বানীয়ে পিতৃৰ ৰিলায়েন্স গ্ৰুপত মেনেজমেণ্ট ট্ৰেইনী হিচাপে যোগদান কৰিছে। এনেদৰে শিকাৰু হিচাপে যোগদান কৰা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

কোম্পানীৰ এক বিজ্ঞপ্তিত প্ৰকাশ যে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ষ্টেৰ্ণ স্কুল অব বিজিনেছৰপৰা মেনেজমেণ্টত আণ্ডাৰগ্ৰেজুৱেট ডিগ্ৰী লাভ কৰাৰ পাছত আনছুলে ৰিলায়েন্স গ্ৰুপৰ ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকছাৰ কোম্পানীত ট্ৰেইনী হিচাপে যোগদান কৰিছে।

গ্ৰুপৰ এই শাখাটোৱে কাৰিকৰি, অধিগ্ৰহণ আৰু নিৰ্মাণ কাৰ্য চোৱাচিতা কৰে। শক্তি উৎপাদন আৰু বিতৰণ, মুম্বাই মেট্ৰ’, প্ৰতিৰক্ষাৰ ব্যৱসায়ৰ লগতে পথ আৰু বিমানবন্দৰ নিৰ্মাণ আদি ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকছাৰ নামৰ কোম্পানীটোৱে কৰি আহিছে।

মন কৰিবলগীয়া যে আনছুলৰ দৰে তেওঁৰ জ্যেষ্ঠ ভাতৃ আনমোলেও ২০১৪ চনত পিতৃৰ ৰিলায়েন্স মিউচুৱেল ফাণ্ডত শিকাৰু হিচাপে যোগদান কৰি পাছলৈ ৰিলায়েন্স কেপিটেলত যোগদান কৰিছিল।