বৰপেটাৰোডঃ  আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস৷ এই উপলক্ষে বৰপেটাৰোড আৰক্ষী থানাৰ উদ্যোগত নিচাযুক্ত দ্ৰব্য সেৱন সন্দৰ্ভত এখনি সজাগতা সভা বৰপেটাৰোড প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। উক্ত সজাগতা সভাখনত সভাপতিত্ব কৰে গোপীনাথ বৰদলৈ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভূপালী পাঠক চৌধুৰীয়ে ৷ 

সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাসে নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ ওপৰত ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে।সভাখনত বিশিষ্ট চিকিৎসক ডাঃ অৰ্ণৱ শৰ্মাই মাদক দ্ৰব্য সেৱনৰ ফলত শৰীৰত হোৱা ক্ষতি, বিভিন্ন বেমাৰ আজাৰৰ ওপৰত বিষদ বক্তব্য আগবঢ়ায় ৷ তেওঁ লগতে নিজৰ শৰীৰ আৰু পৰিয়াল তথা সমাজৰ কথা চিন্তা কৰি মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিবলৈ যুৱ সমাজক আহ্বান জনায় ৷ 

সভাখনত বৰপেটাৰোড আৰক্ষী চক্ৰৰ চক্ৰ বিষয়া সুৰেশ দাস, সাংবাদিক অৰূপ বায়ন, আছু নেতা অৰ্ণৱ শৰ্মা প্ৰমুখ্যে ভালেমান বক্তাই নিচাযুক্ত দ্ৰব্য সেৱনৰ দ্বাৰা সমাজত হোৱা বিভিন্ন ক্ষয় ক্ষতিৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ উক্ত সভাখনত বৰপেটাৰোডৰ একাংশ দল, সংগঠন তথা স্থানীয়  বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে অংশগ্ৰহণ কৰে।