গুৱাহাটীঃ 'গল্প সম্ৰাট' খ্যাত চৈয়দ আব্দুল মালিকৰ বিখ্যাত কবিতা 'মই অসমীয়া’ক লৈ ছ’চিয়েল মিডিয়া ফেচবুকত বিতৰ্কিত মন্তব্য কৰা মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী ৰূপা ৰাণী ভূঞা বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য নহয়। দলটোৰ অসম প্ৰদেশ কমিটিৰ মুখপাত্ৰ তথা সম্পাদক প্ৰফুল্ল কুমাৰ দাসে এক বিবৃতিযোগে সদৰী কৰিছে এই কথা।

বিতৰ্কিত প'ষ্ট দিয়া শিক্ষয়িত্ৰীগৰাকীক সমালোচনা কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছ দলকো সমালোচনাৰ আওঁতালৈ অনাটোক দুৰ্ভাগ্যজনক আখ্যা দি মুখপাত্ৰ দাসে স্পষ্ট কৰি দিয়ে যে একাংশ লোকে কোৱাৰ দৰে ৰূপা ৰাণী ভূঞা কংগ্ৰেছ দলৰ কোনো বিষয়ববীয়া অথবা সদস্য নহয়। দাসে জনোৱা মতে কলেজ শিক্ষয়িত্ৰীগৰাকী এসময়ত কংগ্ৰেছ দলৰ সদস্য আছিল যদিও ২০১৬ চনতে তেওঁ দলটোৰ পৰা পদত্যাগ কৰিছিল। 

আনহাতে একাংশ লোকে কংগ্ৰেছ দলৰ পৰা টিকট লৈ বিতৰ্কিত কলেজ শিক্ষয়িত্ৰীগৰাকীয়ে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বুলি ছ’চিয়েল মিডিয়াত কৰি অহা দাবীকো পোনছাটেই নস্যাৎ কৰিছে দলটোৱে। এই সন্দৰ্ভত মুখপাত্ৰ দাসেয় কয় যে বিগত লোকসভা নিৰ্বাচনত ৰূপা ৰাণী ভূঞাই কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছিল যদিও তেওঁৰ নামটো বিবেচনালৈয়ে অহা নাছিল। যিটো ফেচবুক একাউণ্টৰ পৰা ৰূপা ৰাণী ভূঞাই বিতৰ্কিত প'ষ্টটো দিছিল, সেই একাউণ্টৰ প্ৰফাইলত তেওঁ নিজে স্পষ্টভাৱে কংগ্ৰেছ দলৰ প্ৰাক্তন বিষয়ববীয়া বুলি উল্লেখ কৰাৰ পিছতো এই বিতৰ্কৰ আওঁতালৈ কংগ্ৰেছ দলক টানি অনা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে মুখপাত্ৰগৰাকীয়ে। 

বিষয়টো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দৃষ্টিগোচৰ হৈছে আৰু সেয়ে এইকথা স্পষ্ট কৰি দিছে যে ৰূপা ৰাণী ভূঞা বৰ্তমান কংগ্ৰেছ দলৰ সৈতে কোনোধৰণে জড়িত নহয় আৰু সেয়ে তেওঁৰ বক্তব্যৰ বাবে কংগ্ৰেছ দল দায়ৱদ্ধও নহয় আৰু জবাবদিহিও নহয়। সেয়ে প্ৰথম অৱস্থাত প্ৰদেশ কংগ্ৰেছে এইদৰে স্পষ্টীকৰণ দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল বুলিও মন্তব্য কৰে মুখপাত্ৰ দাসে।

বিবৃতিটোত তেওঁ আৰু কয় যে স্পষ্টীকৰণ দিয়াৰ প্ৰয়োজনবোধ নকৰিলেও শিক্ষয়িত্ৰীগৰাকীৰ বিতৰ্কিত কাৰ্যকলাপক লৈ একাংশ লোকে ভুল বুজিব পাৰে বুলিয়েই প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰাই ৰূপা ৰাণী ভূঞা যে বৰ্তমান কংগ্ৰেছ দলৰ সৈতে কোনোধৰণে জড়িত নহয় সেই বাৰ্তা হোৱাটছ্এপ যোগে প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। যিহেতু কংগ্ৰেছ দলৰ সদস্যই নহয়, গতিকে বিভিন্ন জনে কোৱাৰ দৰে তেওঁক নিলম্বন কৰা অথবা বৰ্খাস্ত কৰাৰো প্ৰশ্ন নুঠে বুলিও বিবৃতিটোত স্পষ্ট কৰি দিছে মুখপাত্ৰগৰাকীয়ে।

ছৈয়দ আব্দুল মালিকৰ দৰে জীৱনে-মৰণে চিৰদিন অসমীয়া এগৰাকী মহান ব্যক্তিৰ সৃষ্টিৰ ভুল ব্যাখ্যা কৰি তেওঁক মোগল বন্দনাকাৰী সজাবলৈ অপচেষ্টা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰাৰ লগতে শংকৰ-আজানে গঢ়া আৰু যুগ যুগ ধৰি সমিলমিলেৰে বসবাস কৰি অহা অসমীয়া সমাজখন এনেধৰণৰ সাম্প্ৰদায়িক কথা-বতৰাৰে ভাগ ভাগ নকৰিবলৈকো বিবৃতিযোগে সকীয়াই দিছে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।