চতিয়াঃ অসমৰ সকলো প্ৰকাৰৰ সাংবাদিকৰ হৈ মাত মাতি অহা আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৱে সম্পূৰ্ণ কৰিলে ২৫ বছৰ। সংগঠনটোৱে ২৫ বছৰ সম্পূৰ্ণ কৰাত ৰূপালী জয়ন্তী সমাৰোহ সমগ্ৰ ৰাজ্যজুৰি পালন কৰাৰ প্ৰস্তুতি চলাইছে সংগঠনটোৱে। ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অনুষ্ঠান।

আপকুৰ বিশ্বনাথ জিলা সমিতিয়ে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান আৰম্ভ অনুষ্ঠিত কৰিছে। যোৱা ২৬ নৱেম্বৰত বিশ্বনাথৰ সৎ সংগ প্ৰাথমিক বিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগীতা আৰু ১০ ডিচেম্বৰতখে বিহালীৰ বটিয়ামাৰীৰ ভানু ৰংগ মঞ্চত কবিতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ৰূপালী জয়ন্তীৰ মূল অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে চতিয়া নাট্য ভৱন প্ৰাংগনত অহা ২০ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত কৰা হ’ব।

ৰূপালী জয়ন্তী বৰ্ষৰ এই বিশেষ অনুষ্ঠানৰ প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে আপকুৰ বিশ্বনাথ জিলা সমিতিয়ে। কাৰ্যসূচী অনুসৰি ২০ ডিচেম্বৰত বৃক্ষৰোপন কাৰ্যসূচীৰ উদ্বোধন কৰিব বিশ্বনাথ জিলা আপকুৰ কাৰ্যকৰী সভাপতি সৌৰভ হাজৰিকাই। পুৱা দহ বজাত অনুষ্ঠিত হ’ব লগীয়া জিলা ভিত্তিক দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাই। ২১ ডিচেম্বৰৰ পুৱা আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং আৰু জাতীয় দল সংগঠনৰ নেতৃবৃন্দৰ লগতে বিশিষ্ট লোকে আপকুৰ ২৫ খন পতাকা উত্তোলন কৰিব।

শ্বহীদ তৰ্পণ কৰিব আপকুৰ সম্পাদক প্ৰধান হেমন্ত শইকীয়াই। দিনৰ ১১ বজাত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে আপকুৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় শিল্পীয়ে আপকুৰ মঞ্চত গীত-মাত পৰিৱেশন কৰিব। ইয়াৰ পিছত বিশ্বনাথ জিলা আপকুৰ সভানেত্ৰী প্ৰণীতা ৰায় ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা৷ সভা উদ্বোধন কৰিব বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই।

সভাত  মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক কনক সেন ডেকা আৰু বিশিষ্ট অতিথি হিচাপে সাংবাদিক নৰেশ কলিতা উপস্থিত থাকিব। নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ৰঞ্জিত দত্ত, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। সভাত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা জিলাখনৰ দহ গৰাকীকৈ বিশিষ্ট লোকক সম্বর্ধনা জ্ঞাপন কৰিব সংগঠনটোৱে।

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সংগঠনটোৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে অনুষ্ঠানিকভাৱে উন্মোচন কৰিব স্মৃতিগ্ৰন্থ। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সমাজ কৰ্মী উদয় গোস্বামীয়ে। আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি প্ৰণীতা ৰায় ভূঞা আৰু সম্পাদক তুষাৰ হাজৰিকাই ৰাইজৰ উপস্থিত তথা সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে।