Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ জি এছ টিৰ প্ৰভাৱত সহজলভ্য হ’বলৈ ওলাইছে এপলৰ আইফোন। মাজনিশাৰ মহাকৰৰ সূচনা হোৱাৰ লগে লগে আইফোনৰ খুচুৰা দাম একেকোবে কমাই দিয়ে প্ৰতিষ্ঠানটোৱে।

এপলৰ সূত্ৰৰ খবৰ অনুযায়ী, ভাৰতত সামগ্ৰী আৰু সেৱা কৰ কাৰ্যকৰী হোৱাৰ পৰিপ্ৰেক্ষিতত আইফোনৰ দাম সৰ্বাধিক ৭.৫ শতাংশ কমাই দিয়া হৈছে। দাম হ্ৰাসৰ সৰ্বনিম্ন হাৰ হৈছে ৪ শতাংশ।

জিএছটিৰ পূৰ্বে ২৫৬ জিবি ষ্ট’ৰেজৰ iPhone 7 প্লাছৰ দাম আছিল ৯২,০০০ টকা। শনিবাৰে এপলৰ ৱেবছাইটট উক্ত মডেলটোৰ দাম হ্ৰাস পায় হয়গৈ ৮৫,৪০০ টকা। ৩২ জিবিৰ iPhone 6ৰ দাম হ্ৰাস পাই হৈছেগে ৪৬,৯০০।

এই মডেলটোৰ দাম হ্ৰাস পাইছে ৬.২ শতাংশ। বাংগালুৰুত তৈয়াৰী iPhone SEৰ দাম হ্ৰাস পাইছে ৪ শতাংশ। ৩২ জিবিৰ এই মডেলটোৰ এতিয়াৰ দাম হৈছেগৈ ২৬ হাজাৰ টকা। আগতে ইয়াৰ দাম আছিল ২৭,২০০ টকা। একেদৰে মডেলটোৰ ১২৮ জিবি ভাৰ্ছনৰ দাম ৬ শতাংশ হ্ৰাস পাই হৈছেগৈ ৩৫,০০০ টকা।

বজাৰ বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, ১ জুলাইৰ পূৰ্বে আইফোনৰ ওপৰত কৰৰ পৰিমাণ অধিক আছিল। এতিয়া জি এছ টি কাৰ্যকৰী হোৱাত ১২ শতাংশ কৰ আৰু আমদানি শুল্ক আদায় দিয়াৰ পিছতো এপলে এইদৰে আইফোনৰ প্ৰতিটো মডেলৰে দাম হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে।