newsnextone.com|| ডিজিটেল ডেস্কঃ ভগ্নী সোনমৰ পিছতেই বিয়া সন্দৰ্ভত মুখ খুলিলে সুদৰ্শন অভিনেতা অৰ্জুন কাপুৰে। এক সাক্ষাতকাৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বহু প্ৰত্যাশিত উত্তৰ আগবঢ়াই অভিনেতা গৰাকীয়ে।এতিয়াই বিয়াত নবহে অৰ্জুনে।

দুই ভগ্নী ৰিয়া আৰু অংশুলাৰ বিয়াৰ পিছতহে নিজৰ বিয়া সন্দৰ্ভত গুণা-গাথা কৰিব তেওঁ। সেইয়ে কমেও আৰু ৬ বছৰ মানলৈ অপেক্ষা কৰিব লাগিব তেওঁৰ অনুৰাগী সকলে।

উল্লেখ্য যে সোনমৰ বিয়াৰ পিছৰে পৰা অৰ্জুনৰ বিয়াৰ খবৰৰ পিছত উত্থাপিত হৈ আছিল বহুতো প্ৰশ্ন। পিছে অভিনেতা গৰাকীৰ এই উত্তৰে এতিয়া মুখ বন্ধ কৰিছে বহু লোক তথা সাংবাদিক সকলৰো।

বৰ্তমানে ইণ্ডিয়াজ মস্ত ৱান্টেদ বোলছবি খনৰ চিত্ৰগ্ৰহনত ব্যস্ত আছে বলিউডৰ এই গৰাকী সুদৰ্শন অভিনেতা। লগতে অহা ১৯ আগষ্টত চবিগৃহলৈ আহি আছে তেওঁৰ পৰৱৰ্তী ছবি নমস্তে ইংলেণ্ড।