ডিজিটেল ডেস্কঃ দেশৰ সংঘৰ্ষজৰ্জৰ উত্তৰ-পুৰ্বাঞ্চলৰপৰা সশস্ত্ৰ সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন আঁতৰোৱাটো বিচৰা নাই কেন্দ্ৰ চৰকাৰে। বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক পুনৰ বিবেচনা কৰাৰ বাবে অৱশেষত অন্তিমটো উপায় অৱলম্বন কৰিছে কেন্দ্ৰ চৰকাৰে। আবেদন, পুনৰীক্ষণ আদিৰ পিছত এইবাৰ শেষ উপায় হিচাপে বুধবাৰে কিউৰেটিভ আবেদন দাখিল কৰিছে চৰকাৰখনে।

মণিপুৰত ১৯৭৯ ৰপৰা ২০১২ চনলৈ সেনাৰ ১৫২৮ টা ভুৱা সংঘৰ্ষৰ বিচাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ২০১৬ বৰ্ষত কঠোৰ স্থিতি গ্ৰহণ কৰি কৈছিল যে সৈনাই 'আক্ৰোশমূলক বা অতিৰিক্ত শক্তি’ ব্যৱহাৰ কৰিব নোৱাৰে। ন্যায়ালয়ৰ এই সিদ্ধান্তই মানৱ অধিকাৰ কৰ্মীসকলক উৎসাহিত কৰি তুলিছিল যদিও কেন্দ্ৰ চৰকাৰে বিষয়টো অধিক আগলৈ আগবঢ়োৱাটো পচন্দ কৰা নাই।  

মণিপুৰত হোৱা ভুৱা সংঘৰ্ষই ভাৰতীয়া সেনাৰ মনোবল ভাঙিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে কেন্দ্ৰ চৰকাৰে। সশস্ত্ৰ সেনা বিশেষ ক্ষমতা আইনৰ বলতে বিগত ভালেকেইটা দশকজুৰি উত্তৰ-পুৰ্বাঞ্চলৰ ৰাজ্যসমূহত ভাৰতীয় সেনাবাহিনীয়ে অতিৰিক্ত শক্তি প্ৰয়োগ কৰাৰ ফলত হাজাৰ হাজাৰ নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ লগতে শাৰীৰিক-মানসিক আতিশায্যৰ বলি হোৱা বুলি মানৱ অধিকাৰ কৰ্মীসকলে সততে অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই পিটিশ্যন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে কেন্দ্ৰ চৰকাৰে।

কেৱল মণিপুৰ ৰাজ্যখনতে সেনাৰ ১৫২৮ টা ভুৱা সংঘৰ্ষৰ বিচাৰৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছিল যদিও বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবে ন্যায়ালয়ক অনুৰোধ জনাইছে কেন্দ্ৰ চৰকাৰে। 

ন্যায়ালয়ে বিচাৰ কৰাৰ সময়ত সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদীৰ সৈতে সেনাই মোকাবিলা কৰাৰ বিষয়টো বিবেচনা কৰা নাই বুলি পিটিশ্যনখনত উল্লেখ কৰা হৈছে। 

এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় আৰু আইনখন প্ৰত্যাহাৰৰ ফলত সংঘৰ্ষজৰ্জৰ এলেকাত সেনাই ভালদৰে কৰ্তব্য পালন কৰাত অসুবিধাৰ সমুখীন হ’ব বুলি জে এচ কেহৰৰ অধ্যক্ষতাত থকা বিচাৰপীঠখনৰ আগত এটৰ্ণি জেনেৰেল মুকুল ৰোহতগীয়ে মন্তব্য কৰে।   

উল্লেখ্য যে ২০১৬ বৰ্ষত ভুৱা সংঘৰ্ষ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়খনে অনুসন্ধানৰ পৰামৰ্শ দিয়াৰ লগতে কৈছিল যে সেনাই অতিৰিক্ত ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে। সেনাই আত্মৰক্ষাৰ পৰিস্থিতি উদ্ভব হ’লে ন্যুনতম বলহে প্ৰয়োগ কৰিব পাৰে বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিছিল।