বিহালীঃ বিহালী বিধান সভা সমষ্টিৰ তিনিসুঁতিত ৰাইজে আটক কৰি তিনিসুঁতি আৰক্ষী চকীৰ আৰক্ষীক গটালে বৰগাংস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ তিনি অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক৷

আজি সন্ধিয়া প্ৰায় সাত বজাত তিনিসুঁতি বজাৰৰ দুৰ্গা পূজা মণ্ডপত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিজন কৰ্মচাৰী তদন্তৰ বাবে উপস্থিত হয়৷ অগ্নি নিৰ্বাপক বাহিনীৰ তিনি কৰ্মচাৰীয়ে পূজা মণ্ডপস্থলীত উপস্থিত হৈয়ে পূজা উদযাপন সমিতিৰ পৰা এহেজাৰ টকা ধন দাবী কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

অগ্নি নিৰ্বাপক বাহিনীৰ তিনি কৰ্মচাৰীয়ে পূজা উদযাপন সমিতিৰ পৰা ধন দাবী কৰা কাৰ্যকলৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে তিনিসুঁতিত৷ লগে লগে স্থানীয় ৰাইজে তিনিজন অগ্নি নিৰ্বাপক বাহিনীৰ দুজনক ধৰি আৰক্ষীক চমজাই দিয়ে৷ আনহাতে এজন কৰ্মচাৰী পলায়ন কৰিবলৈ সক্ষম হয়৷

ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ তিনি জনীয়া দলটো এখন বিভাগীয় বাহনলৈ তিনিসুঁতিত উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে৷