তেজপুৰঃ এজাক বৰষুণতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সৃষ্টি হ'ল কৃত্ৰিম বানপানীৰ।  ৰঙাপৰা নগৰ সমিতি আৰু বৰ্তমানৰ পৌৰসভাখনে তাহানিৰ পৰাই পানী নিষ্কাসনৰ বাবে বিজ্ঞান সন্মত ভাৱে নলা-নৰ্দমা সমূহ নিৰ্মাণ নকৰাৰ ফলত আজি নগৰখনত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানীৰ।

কৃত্ৰিম বানপানীৰে ভৰি পৰিছে ৰঙাপৰাৰ একাংশ অঞ্চল। গোপীনাথ বৰদলৈ পথ, শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী গুৰুদুৱাৰা, ব্যৱসায় প্ৰতিষ্ঠান আৰু একাংশ লোকৰ বাসগৃহৰ ভিতৰত বৰষুণৰ পানীৰে উপচি পৰিছে। ৰঙাপৰাৰ পকী নলাবোৰ সম্প্ৰতি জাৱৰ-জোঁথৰ পেলোৱা ডাচবিনলৈ পৰিণত হৈছে।  প্ৰত্যেক বছৰে ৰঙাপৰাৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ অহাৰ পাছতো সমস্যাটি সমাধানৰ ক্ষেত্ৰত ৰঙাপৰা পৌৰসভাখনে আজিলৈকে কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহন নকৰাত ভুক্তভোগী ৰাইজ ক্ষুব্ধ হৈ পৰিছে।