ডিজিটেল ডেস্কঃ প্ৰতিবছৰে পঢ়া-শুনাৰ বাবেই হওক, বা জীৱিকাৰ সন্ধানতেই হওক, উত্তৰ-পূৰ্বাঞ্চলৰ ভালেমান লোক দেশৰ প্ৰধান চহৰসমূহলৈ যায়। দেশৰ মূল ভূখণ্ডতকৈ উত্তৰ-পূৰ্বাঞ্চলবাসীৰ দেহৰ গঢ়, কথা-বতৰা, সংস্কৃতি আদি ভিন্ন হোৱাৰ বাবেই দিল্লীকে ধৰি দেশৰ অইন প্ৰান্তত হিংসা-বিদ্বেষ আৰু আতিশয্যাৰ বলি হৈ আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন বৃত্তিত থকাসকলে।

এই অঞ্চলৰ লোকৰ প্ৰতি থকা বৈষম্যৰ ভাৱ দূৰ কৰাৰ ক্ষেত্ৰত আইনৰ প্ৰয়োজন যিমান, সিমানেই প্ৰয়োজন আন প্ৰদেশৰ লোকসকলৰ মানসিকতাৰ পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ বাবে প্ৰয়োজন উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য-সংস্কৃতি আৰু ভৌগোলিক জ্ঞান।

সমস্যা সমাধানৰ এই দৃষ্টিভংগী লৈয়ে সমগ্ৰ দেশখনৰে বিদ্যালয় প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ স্বকীয়তা তথা সংস্কৃতিৰ বিষয়ে পঢ়াটো বাধ্যতামূলক কৰাৰ প্ৰস্তাৱেৰে এখন বিধেয়ক প্ৰস্তুত কৰা হৈছে। 

'শৈক্ষিক প্ৰতিষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ অনিবাৰ্য অধ্যয়ন, ২০১৭’ শীৰ্ষক এই বিধেয়কখন প্ৰস্তুত কৰিছে অৰুণাচল প্ৰদেশৰ সাংসদ নিনোংগ এৰিংগে। এই বিধেয়কখন ৰূপায়ণ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা বিদ্বেষ গুৰিতে নাইকিয়া হ’ব বুলি আশা প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে।

উল্লেখ্য যে, ২০১৪ বৰ্ষৰ জানুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ ১৯ বছৰীয়া নিড’ টানিয়া নামৰ ছাত্ৰজনক নতুন দিল্লীৰ বজাৰ এখনত নিৰ্মমভাৱে হত্যা কৰাৰ বাতৰিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যকে বিষয়টো পুনৰাই ভাবিবলৈ বাধ্য কৰাইছিল।

উক্ত ঘটনাৰ পিছতে প্ৰথমবাৰৰ কাৰণে দিল্লীস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে বহিৰাজ্যত সুৰক্ষাৰ দাবী জনাই সাব্যস্ত কৰা প্ৰতিবাদে কেন্দ্ৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেই পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ বাবে পৃথক হেল্প লাইন নম্বৰৰ ব্যৱস্থা কৰিছিল।

তেতিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ প্ৰতি থকা ভূল ধাৰণা আঁতৰাবৰ বাবে দিল্লীৰ বিদ্যালয়সমুহৰ পাঠ্যক্ৰমত উত্তৰ-পূৰ্বাঞ্চলৰ বুৰঞ্জী অন্তৰ্ভুক্ত কৰিব বুলি দিল্লী চৰকাৰে প্ৰতিশ্ৰুতি দিছিল।

উক্ত ঘটনাৰ পিছতে মদন প্ৰসাদ বেজবৰুৱাৰ নেতৃত্বত বিষয়টো সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ এখন সমিতিৰ গঠন কৰি দিছিল। এই কমিতিৰ প্ৰতিবেদনৰ আধাৰতে বিধেয়কখন প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে এই কমিটিখনৰ প্ৰতিবেদনতে প্ৰকাশ পাইছিল যে দিল্লীলৈ ২০০৫ বৰ্ষৰপৰা ২০১৪ বৰ্ষলৈ উত্তৰ-পূৰ্বঞ্চলৰ ২ লাখ লোকৰ আগমন ঘটিছে আৰু ইয়াৰে ৮৬ শতাংশ লোকেই কিবা নহয় কিবা প্ৰকাৰে বৈষম্যৰ চিকাৰ হৈছে। 

এই বিধেয়কখনত উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ইতিহাস, লোকাচাৰ আৰু সংস্কৃতি বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে যাতে অঞ্চলটোৰ বিষয়ে সকলোৰে মাজত সজাগতাৰ সৃষ্টি হয়। 

পৰামৰ্শদায়ী পৰিষদ গঠন কৰাৰো প্ৰস্তাৱ এই বিধেয়কখনে আগবঢ়াইছে যাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে ব্যৱহাৰিক জ্ঞান দিয়া হ’ব আৰু বিধায়কখনত উল্লেখ কৰা ধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে প্ৰশিক্ষণ আদি পৰিচালনা কৰা হ'ব।