গুৱাহাটীঃ আপোন মানুহৰ তেজেৰে ফাকু খেলাৰ খেল খন অসমৰ বুকুত আকৌ এবাৰ আৰম্ভ হৈছে৷ ৭০ৰ পৰা ৯০ৰ দশকলৈ আপোন মানুহৰ তেজেৰে ফাকু খেলা খেল খনে বহু মাতৃৰ বুকু শুধা কৰিছে৷ জাতি, মাটি আৰু আপোন মানুহৰ বাবে শ্ল’গান দি জংঘলত যোৱাসকলৰ বাবে যোৱা প্ৰায় ৩৮টা বছৰে অসমৰ গ্ৰাম্য অঞ্চলৰ বহু লোকে সেনা-আৰক্ষীৰ আতিশয্যৰ বলি হৈছে৷

তাৰ পিছতে আকৌ আতিশয্যৰ বলি হোৱা লোকসকলকে আলফাই টাৰ্গট কৰি সময়ে সময়ে আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দৰিদ্ৰ, খাটিখোৱা, থলুৱা কলৈ যাব৷ কোনো বুজিব থলুৱাৰ বেদনা৷ অসমীয়াৰ আজি ইফালে গলেও মৰণ, সিফালে গলেও মৰণ৷ অসমীয়া থাকিব কত৷ অসমীয়া আজি যাব কলৈ। বছৰ বছৰ ধৰি সেনা-আৰক্ষীৰ আতিশয্যৰ বলি হৈ অহা লোকসকলে প্ৰতিদিনে সংগ্ৰাম কৰিব লগা হৈছে জীয়াই থকাৰ বাবে৷

জংঘলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকৰ সৈতে যুদ্ধ কৰিব নে আপোন মানুহৰ সৈতে যুদ্ধ কৰিব৷ নিজৰ খেতি ডৰা ৰক্ষা কৰিবৰ বাবে প্ৰতিদিনে থলুৱা অসমীয়াই নিদ্ৰাহৰণ কৰিছে৷ নৈত জাহ গৈছে খেতিৰ মাটি, ঘৰ-বৰ৷ সন্তানৰ পঢ়াৰ খৰছৰ বাবে হাহাকাৰ কৰিব লগা হৈছে থলুৱাই৷ চৰকাৰেও উচ্ছেদৰ নামত থলুৱাৰ ঘৰ-বৰ ভাঙি থলুৱাকে কন্দুৱাইছে৷ অসমীয়া জাতিৰ বিপদৰ সময়ত অসমী আইক ৰক্ষা কৰিবলৈ ওলাই যোৱা ৰাজ্য খনৰ একাংশ লোকে আপোন মানুহৰ তেজেৰে ফাকু খেলাৰ খেল খনে ইতিমধ্যে জাতিক সংকটত পেলাইছে৷

ৰাজ্য খনৰ নিষিদ্ধ ঘোষিত আলফাতো যোগাদান কৰা যুৱকসকলে স্বাধীন অসমৰ দাবীৰ বিৰুদ্ধে হেঙাৰ হৈ থিয় দিয়া লোকক বিভিন্ন সময়ত গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ স্বপ্নক সাৰ্থক কৰিবলৈ হাতত বন্দুক তুলি লোৱা একাংশ লোক বলিয়া হৈ পৰাৰো অভিযোগ উত্থাপন হৈ আহিছে ৭০ৰৰ দশকৰ পৰা৷ অসমৰ স্বাৰ্থত হাতত বন্দুক তুলি লোৱা লোকসকলে সগোত্ৰীয়, কুটুমে কুটুমক হত্যা কৰি আহিছে৷ হাবি জংঘলত দিন অতিবাহিত কৰা বহু যুৱকে সেনা-আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰিব লগা হোৱাৰ লগতে বহু যুৱক ঘূণীয়া হোৱাৰ সময়ত বিদ্ৰোহী সংগঠনটোৰ নেতা-কেডাৰক বিচৰাৰ নামত সহজ-সৰল অসমীয়াক হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷

আবাল-বৃদ্ধ-বনিতা-ডেকাই বন্দুকৰ কুণ্ডাৰ কোব খাই জীৱন ঘূণীয়া কৰাৰো উদাহৰণ আছে৷ মাতৃয়ে পুত্ৰ হেৰুৱাই বুকু উদং কৰিছে৷ বহু বোৱাৰী বিধৱা হৈছে৷   যোৱা কেইবাটাও দিন ধৰি বিদ্ৰোহী সংগঠনৰ অপ্ৰত্যাশিত আক্ৰমণ আৰু অপহৰণ কাণ্ড, সেনা-আৰক্ষীৰ অভিযানে আতংকগ্ৰস্ত কৰি ৰাখিছে উউজনি অসমক৷ তাৰ মাজতে উজনি অসমত অনুষ্ঠিত বহু প্ৰত্যাশিত অসম সাহিত্য সভাৰ ৭৪তম বুঢ়ীদিহিং-বৰডুমচা অধিৱেশন৷ ৭৪তম বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনক লৈ ৰাইজে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ আপোন সাহিত্য সভাৰ অধবেশন বিফল কৰিব বিছৰাৰো অভিযোগ উত্থাপন হয়৷

বিফল কৰাৰ মানসেৰে উঠি পৰি লাগিছে নেকি কোনো তৃতীয় পক্ষ৷ নে আলফা স্বাধীনে বিচৰা নাই সাহিত্য সভাৰ স্থান ৰিতুপথাৰ হওক বুলি? সম্প্ৰতি সমূহ সাহিত্য প্ৰেমী ৰাইজৰ মনত এয়া এক কোটিটকীয়া প্ৰশ্ন৷ বিশেষকৈ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকা বৰডুমচাৰ ৰিতুপথাৰত সাহিত্য সভাৰ ৭৪তম অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে আলফা স্বাধীনৰ কেতবোৰ কাণ্ড-কাৰখানাই সহজ সৰল মানুহক এনে কথাই ভাবিবলৈ বাধ্য কৰিছে৷ অন্তেশ্বৰ আৰু কৰুণ মহন্ত নামৰ দুই পিতা-পুত্ৰক নিজ বাসগৃহতে গুলীয়াই হত্যা কৰাৰ পাছত অৰুণাভ ফুকন নামৰ এজন ব্যৱসায়ীক অপহৰণ কৰা ঘটনাই যেন ইয়াক প্ৰমাণ কৰিছে বুলি কব খোজে একাংশ লোকে৷

ইপিনে পিতা-পুত্ৰৰ হত্যাৰ কাৰণ সন্দৰ্ভত আলফা স্বাধীনে যি স্পষ্টীকৰণ দাঙি ধৰিলে তাক লৈ স্থানীয় ৰাইজ কিম্বা দল-সংগঠন কোনোৱে স্বীকাৰ কৰি ল'ব পৰা নাই৷ লঘু কামৰ গুৰু শাস্তি তাকো খোদ খিলঞ্জীয়া লোকৰ ওপৰত বীৰত্ব দেখুৱাই কোনো বাংলাদেশী নাগৰিকৰ বহিষ্কাৰ ক্ষেত্ৰত কোনোদিন মাত নমতা বিপ্লৱীসকলক ভৱিষ্যতে কোনো লোকেই যেন প্ৰশ্ৰয় নিদিয়ে তাৰ পণ লোৱা হ'ল বুলি উজনিত আলোচনা হবলৈ আৰম্ভ হৈছে৷ ইপিনে বিমুদ্ৰাকৰণৰ পাছৰে পৰা টকাৰ অভাৱত বাৰুকৈয়ে জুৰুলা হোৱা আলফা স্বাধীনৰ একাংশ নেতাক ধন সংগ্ৰহৰ বাবে কামত লগোৱা কাৰ্যও বৰ্তমান নতুন হৈ থকা নাই যদিও সীমামূৰীয়া অঞ্চলটোৰ বাসিন্দাই প্ৰাণৰ মমতাত ধনৰ যোগান দিবলগীয়া হয় বুলি গুজৱ ওলাইছে৷

তদুপৰি বৃহত্তৰ বৰডুমচা এলেকাৰ অন্তৰ্গত কেইবাখনো চাহ-বাগিছাত আলফাই ধন দাবী কৰা বাতৰিও সততে প্ৰকাশ পাই আহিছে ৷ সমগ্ৰ এলেকাটোত আলফা স্বাধীনৰ ব্যাপক ধন দাবীৰ খবৰে নিশ্চিতভাৱে আগন্তুক সাহিত্য সভাৰ অধিৱেশনত যে নেতিবাচক প্ৰভাৱ নেপেলাব তাক একে আষাৰে নুই কৰিব নোৱাৰি৷ ৰিতুপথাৰৰ দৰে যথেষ্ট ভিতৰুৱা অঞ্চলত সাহিত্য সভাৰ দৰে বিশাল অধিৱেশন অনুষ্ঠিত হ'লে যথেষ্ট সাহিত্যানুৰাগীৰ আগমনে অঞ্চলটোত মুক্ত মনেৰে ঘূৰি ফুৰা এচাম সদস্যৰ যে বাবে সুনিদ্ৰাৰ অভাৱ হ'ব সেয়া পূৰামাত্ৰাই আশংকা কৰিয়েই হয়তো আলফা স্বাধীনে এনে পদক্ষেপ লৈছে বুলি একাংশ স্থানীয় লোকে মত প্ৰকাশ কৰিছে৷