গুৱাহাটীঃ আঠুৱা চাই ঠেং মেলিব নজনা বিভাগ আখ্যা পোৱাৰ বাবে পুনৰবাৰ সাজু হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগ। দূৰ্নীতি, অনিয়ম আৰু বিশৃংখলতা-এই তিনিটা বিশেষণৰে সততে বিভূষিত হৈ অহা শিক্ষা বিভাগটোৰ অদূৰদৰ্শিতাকে পুনৰবাৰ প্ৰকাশ্যে প্ৰমাণ কৰিবলৈ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

চমক দিয়াৰ বাবেই যেন উঠি-পৰি লাগিছে মন্ত্ৰী হিমন্ত। শিক্ষকৰ দৰমহা নিয়মীয়াকৈ দিব নোৱাৰা শিক্ষা বিভাগটোয়ে মঙলবাৰৰপৰা সংযোজিত কৰিছে ২ টাকৈ নতুন বিভাগ৷ এতিয়াৰ পৰা প্ৰত্যেক বিদ্যালয়ত বাধ্যতামুলক হ’ব সংস্কৃত ৷ তদুপৰি বিদ্যালয়সমুহত পৰিষ্কাৰ-পৰিচ্ছনতাৰ বাবে নিযুক্তি দিব শিক্ষক৷ ইতিমধ্যে বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষকসকলক দৰমহা দিব নোৱাৰা বিভাগটোৱে পুনৰাই কম্পিউটাৰ শিক্ষক নিযুক্তি দিয়াৰ বাবে কৰা ঘোষণা আশ্চৰ্য্যজনক।  

যিটো শিক্ষা বিভাগত  শিক্ষকে নিয়মীয়া দৰমহাৰ বাবে ৰাজপথত নামিবলগীয়া হৈছে, প্ৰত্যেক দিনাই ৰাজ্যত এজন নহয় এজন শিক্ষকে বিনা বেতনে শিক্ষকতা কৰি আত্মহত্যাৰ পথ ল’বলগীয়া হৈছে, সেই সময়তে নতুনকৈ নিযুক্তি দি শিক্ষকসকলৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই অনাৰে প্ৰস্তুতি চলাইছে নেকি বিভাগটোৱে, এই প্ৰশ্ন শিক্ষিত নিবনুৱাৰ। 

উল্লেখ্য যে প্ৰাথমিক শিক্ষা বিভাগতে ২২ হাজাৰকৈ পদ খালি হৈ আছে। তদুপৰি ৰাজ্যখনত অনুসূচিত জাতি-জনজাতি মাদ্ৰাছা, সাধাৰণ শ্ৰেণীকে ধৰি হাজাৰ হাজাৰ টেট উত্তীৰ্ণই আজিকোপতি কৰ্মসংস্থাপন লাভ কৰা নাই। ন ন ঘোষণাৰে আভুৱা ভাৰাত ব্যস্ত হৈ পৰা গেৰুৱা বসন পৰিহিত মন্ত্ৰীগৰাকীৰ  বিভাগটোৰ এনে দূৰদৰ্শিতাহীন কৰ্ম-কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে।