গুৱাহাটীঃ বিতৰ্কই লগ নেৰা অসমৰ শিক্ষা বিভাগ তথা ছেবাৰ অপাৰগতা ঢাকিবলৈ শেষত সংবাদ মাধ্যমকে দোষী সজালে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ দ্বিতীয় দিনটোতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেখা দিয়া বিসংগতি আৰু প্ৰশ্নকাকত ফাদিল হোৱাক লৈ সৰ্বত্ৰে সমালোচনা হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিছপুৰত মন্ত্ৰীগৰাকীয়ে আয়োজন কৰা সংবাদমেলত পোনচাটে সকলো অভিযোগ নাকচ কৰে। 

প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য অস্বীকাৰ কৰি তেওঁ কয় যে এই কথা ভুৱা আৰু হোজাই আৰু ইতিমধ্যে বাক্সা দুয়োখন জিলাৰ উপায়ুক্তই প্ৰতিবেদনত প্ৰকাশ কৰিছে। সংবাদমাধ্যমে তিলকে তাল কৰাৰ ফলত বিভিন্নজনৰ মনত সন্দেহ উপজিছে আৰু তাৰবাবেই নতুনকৈ প্ৰশ্নকাকত প্ৰস্তুত কৰিবলগা হ'ব বুলি সংবাদমেলত মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।  

এই সংবাদমেলতে শিক্ষা বিভাগৰ পৰা অব্যাহতি লোৱাৰ আগ্ৰহ প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা বিভাগৰ কাৰ্যকলাপক লৈ ধাৰাবাহিকভাৱে হোৱা সমালোচনাত তেওঁ বিৰক্ত হৈছে আৰু এই সন্দৰ্ভত শীঘ্ৰে মুখ্যমন্ত্ৰীক অব্যাহতিৰ আবেদন দাখিল কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।