ডিজিটেল ডেস্কঃ ভাৰতীয় টেনিছ দলৰ হৈ খেলিব অসম কন্যাই৷ গোৱাত অনুষ্ঠিত হোৱা যোৱা ৭৯ সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ প্ৰতিযোগীতাত উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যাই ভাৰতীয় মহিলা টেবুল টেনিছ দলত স্থান লাভ কৰা বিষয়টো ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বববে ভাল খবৰ৷

২০১৮ বৰ্ষৰ ১৪-১৮ ফেব্ৰুৱাৰিত চেক গণৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আই টি টি এফ প্ৰিমিয়াৰ জুনিয়ৰ আৰু কেডেট অ’পেনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব তৃষাই।

২০১৭ চনত বিশ্ব জুনিয়ৰ চাৰ্কিটতৰ ভাৰতীয় দলক নেতৃত্ব দিয়াৰ লগতে শিলিগুৰি আৰু মুম্বাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ শাখাত তৃষাই সগৌৰৱেৰে শ্ৰেষ্ঠত্ব আজুৰি আনিবলৈ সক্ষম হৈছিল।

পশ্চিম বংগৰ প্ৰথম ৰেংকিঙৰ খেলুৱৈ প্ৰাপ্তি সেনক দুৰ্গাপুৰত হোৱা জুনিয়ৰ আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ছোৱালীৰ ছিংগলছ শাখাত তৃষাই পৰাজিত কৰি অন্য অভিলেখ গঢ়ে। অসম টেবুল টেনিছৰ সম্পাদক ত্ৰিদিৱ দুৱৰাই তৃষাই স্থান লাভ কৰা বুলি বুধবাৰে জানিবলৈ দিয়ে।