গুৱাহাটীঃ ৰাজ্যৰ সুৰাপায়ী সকলৰ বাব বেয়া খবৰটো আহিল বুধবাৰে৷ ৰাজ্য চৰকাৰে বিধান সভাত আবকাৰী আইন সংশোধন কৰি ৰাজহুৱা স্থানত মদ্যপান কৰা নিষেধ কৰে৷ এতিয়াৰ পৰা মুকলি স্থান তথা ৰাজহুৱা ঠাইত মদ্যপান কৰিলে বিপদত পৰিব৷

ৰাজ্য চৰকাৰে অসম বিধান সভাত আইন সংশোধন কৰি ৰাজহুৱা স্থানত সুৰাপান কৰিব নোৱাৰাৰ ব্যৱস্থা কৰে৷ এতিয়াৰ পৰা মুকলিত সুৰা পান কৰিলে অপৰাধ ৰূপে বিবেচিত হ’ব৷ অসম আবকাৰী আইন মতে তেনে কৰিলে ৫০০০ টকা জৰিমনা বিহাই নহয় তিনি মাহৰ জেল পৰ্যন্ত হ’ব৷

অবৈধ সুৰাৰ ব্যৱসায় কৰি কোনো লোক ধৰা পৰিলে ৫০ হাজাৰ টকাৰ পৰা ৫ লাখ টকা জৰিমনা বিহা হ’ব৷ ইমানে নহয় জব্দ হোৱা গাড়ী সুৰা নিলাম কৰা হ’ব৷ বনভোজত গৈ মদ্যপান কৰি উদ্ভণ্ডালি কৰিলে জৰিমনা বিহিব পাৰিব প্ৰশাসনে৷ আবকাৰী আইন সংশোধন কাৰ্যত শাসক-বিৰোধিয়ে সহমত প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ শান্তি প্ৰতিষ্ঠা আৰু আইন শৃংখলা ৰোধত সহায়ক হ’ব বুলি আশা কৰিছে ৰাইজে৷