মাৰ্ঘেৰিটাঃ যোৱা ২৮ নৱেম্বৰৰ নিশা তিনিচুকীয়া জিলাৰ লিডুৰ টিকক পাহাৰত NSCN-এ ভয়াবহ আক্ৰমণ সংঘটিত কৰি ৫ খনকৈ গাড়ী জ্বলাই দিয়াৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ ভাৰত চৰকাৰে NSCN (IM)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা নগা উগ্ৰপন্থীৰ সীমান্তত দপদপনি বৃদ্ধি পাই অহাৰ সময়তে এটি কোম্পানীয়ে দাবী কৰা ধন আদায় নিদিয়াৰ বাবে এই কাণ্ড সংঘটিত কৰিছিল৷

NSCN (IM)ৰ দল লিডুৰ টিকক পাহাৰত অস্ত্ৰ-শস্ত্ৰৰ সৈতে  প্ৰবেশ কৰি কয়লা খননত নিয়োজিত ANE মাইনিং নামৰ কোম্পানীটোত ভয়াবহ আক্ৰমণ চলোৱাৰ পিছৰে পৰা অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷ তাৰ মাজতে বৃহস্পতিবাৰে অসম বিধান সভাৰ এটা  বিধায়কৰ দল মাৰ্ঘেৰিটাত উপস্থিত হয়৷ বিধায়কৰ দলটোৰ সৈতে উপস্থিত আছিল বিভিন্ন বিভাগৰ কেইবাগৰাকী বিষয়া। বিধায়কৰ দলটোৱে লিডুৰ টিকক পাহাৰত উপস্থিত হৈ মাইনিং কোম্পানিৰ কাম কাজ পৰ্যবেক্ষণ কৰে৷

NSCN (IM)ৰ আক্ৰমণৰ পিছৰে পৰা উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ মাজত ভয়ৰ আংশকাৰ সৃষ্টি হৈছিল৷ এই আশংকা দুৰ কৰাৰ লগতে কয়লা ক্ষেত্ৰৰ মুক্ত খননৰ সমস্যা সমূহ বন্ধ কৰি চৰকাৰৰ নিয়ম মতে খনন কাৰ্য কৰা হৈছে নে সেয়াও বিধায়কৰ দলটোৱে পৰ্যবেক্ষণ কৰা বুলি জানিব পৰা গৈছে৷ ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ লগতে স্থানীয় বিধায়কে মাৰ্ঘেৰিটাৰ মাজ মজিয়াৰ কেইবা কোটি টকীয়া বিশুদ্ধ পানী যোগান আঁচনিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।

ভূগৰ্ভৰ পৰা বাণিজ্যিক পৰ্যায়ত আকৰ আহৰণ কৰা কেইবাটাও কোম্পানীয়ে অসম-নাগালেণ্ড সীমান্তৰ পাহাৰৰ বুকু খুলি খাই থকাৰ অভিযোগ আজিৰ নহয়৷ গোপনে দূৰ্গম অঞ্চলত থিতাপি লৈ চৰকাৰৰ সম্পূৰ্ণ সহযোগ তথা অনুমতি লৈ কয়লা খনন কৰি অহা কোম্পানীয়ে অবাধে সেউজীয়া পাহাৰ এফালৰ পৰা ধ্বংস কৰি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ চৰকাৰে বান্ধি দিয়া নীতি নিয়ম উলংঘা কৰি তথা পৰিসৰৰ বাহিৰত ধ্বংস যজ্ঞ চলাই গৈছে সেউজীয়া পাহাৰত৷

কোম্পানীয়ে এনে ধৰণৰ ধ্বংস চলাই গৈছে সকলোকে লগত লৈ৷ দিল্লীৰ চৰকাৰ দিছপুৰৰ চৰকাৰ, দুই তিনিগৰাকী অসম-অৰুণাচলৰ বিধায়ক, অসম আৰু অৰুণাচলৰ উগ্ৰপন্থীক হাতত লৈ এই কাৰ্য সংঘটিত কৰিছে কোম্পানী সমূহে৷ পাহাৰ কাটি পথ সজাৰ পৰা আপম্ভ কৰি সেউজীয়া গছ-গছনি কাটি তহিলং কৰি খনন কাৰ্য চলাই গৈছে কোম্পানী বোৰে৷ এই কাৰ্য সম্ভৱ হৈছে কেৱল টকাৰ বলত৷ সকলো পক্ষকে টকাৰে কিনি ৰাখিছে এনে কোম্পানীয়ে৷ এএনই, ডিচিএল, মহাৰত্নৰ দৰে বৃহৎ বৃহৎ ক'ল মাইনিং কোম্পানী সমূহে দিনে নিশাই তিনিচুকীয়া জিলাৰ লিডুৰ পাটকাই পাহাৰত অবাধ গতিত ধ্বংস যজ্ঞ চলাই গৈছে পাহাৰৰ৷