গুৱাহাটীঃ অৱশেষত অসমতো ৰাজ্য চৰকাৰে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে লকডাউন। সোমবাৰে সন্ধিয়াৰ ভাগত এক সংবাদমেলযোগে চৰকাৰৰ এই সিদ্ধান্তৰ কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে দেশত এতিয়ালৈকে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা ৰাজ্যৰ সংখ্যা হয়গৈ ২০ খন। আজিৰ সংবাদমেলত অসমত এই পৰ্যন্ত টেষ্ট কৰা হোৱা এগৰাকীৰো দেহত কৰ’না পজিটিভ ধৰা পৰা নাই বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

অসমত মুঠ কেইটা টেষ্ট?

অসমত আজি সন্ধিয়া ৪ বজা পৰ্যন্ত ১৬৯ টা টেষ্ট কৰা হৈছে। সংবাদমেলত এই কথা সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে। ইয়াৰে ৮৩ টা লাহোৱালৰ আইএমচিআৰত, ১০ টা শিলচৰ মেডিকেল কলেজ হাস্পতালত, ১০ টা যোৰহাট মেডিকেল কলেজ হাস্পতালত, ৬৪ টা জিএমচিএিছত পৰীক্ষা কৰা হৈছে বুলি জনায়। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে দুটাকৈ পৰীক্ষা এনআইভি পুণেত সম্পন্ন কৰা হৈছে। এই পৰীক্ষাৰ ১৪৮ টাৰ ফলাফল নিগেটিভ পোৱা হৈছে আৰু ২১ টা টেষ্টৰ ৰিপ’ৰ্ট পাবলৈ বাকী আছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। 

শীঘ্ৰে বৰপেটাৰ মেডিকেল কলেজ হাস্পতাল আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতালতো কৰ’না ভাইৰাছৰ টেষ্ট কৰাৰো ব্যৱস্থা আৰম্ভ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। পাণবজাৰস্থিত মহেন্দ্ৰ মোহন অসামৰিক চিকিৎসালয়খনতো সম্পূৰ্ণৰূপে কৰ’না ভাইৰাছৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চিন্তা-চৰ্চা কৰি থকাৰ কথাও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

মঙলবাৰে সন্ধিয়াৰ পৰা অসমত লকডাউন

অহা মঙলবাৰ অৰ্থাৎ ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৩১ মাৰ্চৰ নিশা ১২ বজা পৰ্যন্ত সমগ্ৰ অসমত লকডাউন বলৱৎ হ’ব বুলি সংবাদমেলযোগে জনাইছে মন্ত্ৰী হিমম্ত বিশ্ব শৰ্মাই। এই লকডাউনৰ সময়ত কেৱল গেলামালৰ দোকান, ফাৰ্মাচী আৰু পেট্ৰল পাম্পহে খোলা থাকিব। ইয়াৰ বাদে লকডাউনৰ সময়ছোৱাত আন কোনোধৰণৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, উদ্যোগকে আদি কৰি সকলো সম্পূৰ্ণৰূপে বন্ধ থাকিব।

লকডাউনৰ সময়ছোৱাত ওলাই আহিব নোৱাৰিব সাধাৰণ জনতা। এই নিৰ্দেশ অমান্য কৰিলে প্ৰথম অৱস্থাত ৬ মাহ জেইল আৰু পৰৱৰ্তী সময়ত ২ বছৰৰ জেইল হ’ব। 'ৰাইজক আমি নিৰ্দেশ পালন কৰি ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছো। সকলোৱে এয়া পালন কৰিব বুলি আমি আশাবাদী।’-মন্ত্ৰীগৰাকীয়ে কয়।

লকডাউন হ’লে পৰিবহণৰ ক্ষেত্ৰত কি হ’ব?

লকডাউনৰ সময়ছোৱাত অসমত বহিঃৰাজ্যৰ পৰা কোনোধৰণৰ যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব। অসমৰ পৰাও কোনো বাণিজ্যিক বা ব্যক্তিগত বাহন বহিঃৰাজ্যলৈ যাব নোৱাৰিব। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনোৱা মতে এই সময়ছোৱাত ইতিমধ্যে ৰেলসেৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছে যদিও ঘৰুৱা বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত এই পৰ্যন্ত কৰা নাই। ঔষধ আৰু অত্যাৱশ্যাকীয় সামগ্ৰীৰ আমদানিৰ বাব ঘৰুৱা বিমান বাতিলৰ সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে।

মন্দিৰত প্ৰাৰ্থনা, মছজিদত নামাজ বন্ধ

লকডাউনৰ সময়ছোৱাত বন্ধ থাকিব ধৰ্মীয় উপাসনাস্থলীসমূহো। সংবাদমেলত এই কথা স্পষ্ট কৰি দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে লকডাউন চলি থকা সময়ত অসমত ধৰ্মীয় স্থানসমূহত দৰ্শনাৰ্থীৰ আহ-যাহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। ইয়াৰ লগতে নামঘৰত প্ৰাৰ্থনা, মছজিদত নামাজ আৰু মন্দিৰত ভক্তৰ আগমন বন্ধ থাকিব। 'পূজাৰীজনে মন্দিৰত বিধি-নিয়মখিনি কৰিব। নামঘৰত অক্ষয় বন্তি জ্বলোৱা মানুহজন যাব। মছজিদত ইমামজন যাব। কিন্তু ৩জনতকৈ বেছি মানুহ যাব নোৱাৰিব।’-মন্ত্ৰীগৰাকীয়ে কয়।

লকডাউনক লৈ ভয় নাখাবলৈ আহ্বান

লকডাউনক লৈ জনসাধাৰণক শংকিত নহ’বলৈ সংবাদমেলযোগে আহ্বান জনাইছে মন্ত্ৰী শৰ্মাই। এই সময়ছোৱাত যিহেতু গেলামালৰ দোকান খোলা থাকিব সেয়ে জনতাক লৰা-ঢপৰা নকৰিবলৈকো মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আহ্বান জনায়। আনহাতে ৰেচনত চাউল পোৱাসকলৰ বাবে চাউল বিনামূলীয়াকৈ প্ৰদান কৰিব পৰা যায় নেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে বুলিও তেওঁ সদৰী কৰে। 

'লকডাউন মিন অফিচ বন্ধ নহয়, লকাডাউন মিন বজাৰ বন্ধ নহয়, লকডাউন মিন কোনো মানুহ ঘৰৰ পৰাও ওলাব নোৱাৰিব।’-এইদৰে কয় মন্ত্ৰীগৰাকীয়ে। লকডাউনৰ সময়ত হ’বলগীয়া অৰ্থনৈতিক ক্ষতি সম্পৰ্কে পৰ্যালোচনা কৰি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাই মন্ত্ৰী শৰ্মাই।

কি কি খোলা থাকিব?

লকডাউনৰ সময়ত খোলা থাকিব গেলামালৰ দোকান, পেট্ৰল পাম্প আৰু ফাৰ্মাচী। বেংক, ট্ৰেজাৰী আৰু বিত্তীয় কাম-কাজৰ সৈতে জড়িত চৰকাৰী কাৰ্যালয়সমূহো খোলা থাকিব। অৱশ্যে বিত্তীয় কাম-কাজখিনি শেষ হ’লে লগে লগে উক্ত কাৰ্যালয় বন্ধ কৰা হ’ব। এই সময়ত উক্ত কাৰ্যালয়ত মাত্ৰ ১০ জন কৰ্মচাৰীয়ে কাম কৰিব। লকডাউনৰ সময়ত এটিএমসমূহৰ লগতে অত্যাৱশ্যাকীয় সেৱা যেনে আৰক্ষী, আইন সেৱা, স্বাস্থ্য সেৱা, বিদ্যুৎ বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা, পানী যোগান, সংবাদ প্ৰতিষ্ঠান আদি ক্ষেত্ৰৰ কাম-কাজসমূহো সুচাৰুৰূপে চলি থাকিব।