ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ জিলিকি উঠিল অসম৷ শুকুৰবাৰে ঘোষণা কৰা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এইবাৰ শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰীমা দাস পৰিচালিত কথাছবি ‘ভিলেজ ৰকষ্টাৰ’য়ে৷ গাঁৱৰ এগৰাকী সপোনপিয়াসী কিশোৰীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ এই বঁ‌টা লাভ কৰাঁ‌ এইখন হ'ল দ্বিতীয়খন অসমীয়া ছবি। ইয়াৰ পূৰ্বে ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱাৰ "হালধীয়া চৰায়ে বাওঁ‌ধান খাই" ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণ কমল বঁ‌টা।

শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা শিশু শিল্পী ভণিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ তদুপৰি ৰীমা দাসে ‘ভিলেজ ৰকষ্টাৰ’ৰ বাবে বেষ্ট এডিটিং আৰু মল্লিকা দাসে বেষ্ট অডিঅ’গ্ৰাফীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ ইফালে আন এখন অসমীয়া ছবি ‘ইশ্বু’য়ে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে৷


  
আনহাতে এইবাৰৰ ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মৰোণোত্তৰভাৱে লাভ কৰে কিছুদিন আগতে মৃত্যুক আঁকোৱালি লোৱা অভিনেত্ৰী শ্ৰী দেৱীয়ে৷ ‘মম’ নামৰ ছবিখনত কৰা শক্তিশালি অভিনয়ৰ বাবে শ্ৰী দেৱীক এই বঁটা প্ৰদান কৰা হয়৷  

৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে- জয়ৰাজ (ছবি-ভয়নাকম্)য়ে৷ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে- ৰিধি সেন (ছবি-নগৰকীৰ্তন)য়ে৷ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী পুৰুষৰ বঁটা লাভ কৰে- কে জে য়েচুদাসে৷ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী মহিলাৰ সন্মান লাভ কৰে- শষা ত্ৰুপতিয়ে৷

৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভাৰতৰ কেইবাটাও ভাষাৰ চলচ্চিত্ৰসমূহৰ মাজৰ পৰা ১০ গৰাকী বিচাৰকে নিৰ্বাচন কৰি কেইবাটাও বিষয়ত প্ৰদান কৰে৷ অহা ৩ এপ্ৰিলত আয়োজিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব৷