গুৱাহাটীঃ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে ৰাজ্যখনৰ ১৯জনীয়া এটা সাংবাদিকৰ দলে অহা ৫ মাৰ্চত গুজৰাট অভিমুখে ৰাওনা হ’ব।

ৰাজ্যখনৰ মফচলীয়া সাংবাদিকৰ  দলটোৱে এই ভ্ৰমণ কালত গুজৰাটৰ বিভিন্ন ঐতিহাসিক ক্ষেত্ৰ, সংবাদ প্ৰতিষ্ঠান, ঔদ্যোগিক ক্ষেত্ৰ পৰিৰ্দশন কৰাৰ লগতে গুজৰাটৰ স্থানীয় সাংবাদিক আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, জনসংযোগ মন্ত্ৰীৰ সৈতেও মত বিনিময় কৰিব।

১৯জনীয়া সাংবাদিকৰ দলটোক ৪ মাৰ্চত আনুষ্ঠানিকভাৱে শুভেচ্ছা জনাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে।

অসমৰ পৰা গুজৰাট অভিমুখে যাবলগীয়া সাংবাদিকৰ এই দলটোত আছে 'নিউজ নেক্সট ৱান'ৰ চতিয়াৰ বিশেষ সংবাদদাতা অঞ্জন শইকীয়া।