গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAAৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আন্দোলন। অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে বিগত প্ৰায় ৩ মাহ ধৰি ধ্বনিত হৈ আছে এটাই শ্ল’গান 'আমি CAA নামানো’৷ 

সমান্তৰালভাৱে চৰ্চা চলিছে চৰকাৰী পক্ষই আন্দোলকাৰীসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহী, মাওবাদী আদি গোচৰ জাপি দিয়া প্ৰসংগক লৈ। জন্মলগ্নৰে পৰা কি কংগ্ৰেছ, কি বিজেপি প্ৰতিখন চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন কৰি অহালৈ চাই CAA বিৰোধী প্ৰতিবাদ অধিক ভয়াৱহ হৈ পৰাৰ আশংকাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক কাৰাবন্দী কৰি সমগ্ৰ আন্দোলনটোক বিপথে পৰিচালিত কৰিব বিছাৰিছে বুলি ভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।

এনেধৰণৰ একাধিক চৰ্চা অব্যাহত থকাৰ মাজতে ১৪ দিনৰ ন্যায়িক জিম্মাত ৰখাৰ পাছত আজি NIAৰ আদালতত হাজিৰ কৰোৱা হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ লগতে মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত কাৰাবন্দী হৈ থকা সংগঠনটোৰ আনসকল নেতা ক্ৰমে ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক।

আন্দোলনৰ কাৰণে আন্দোলন নহয় 

আজি পুৱা NIAৰ আদালতত হাজিৰ কৰাৰ সময়ত অখিল গগৈ আৰু মানস কোঁৱৰে সংবাদ মাধ্যমৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। 'জয় আই অসম ধ্বনি’ দি অখিল গগৈয়ে কয়, 'আন্দোলনৰ বাবে আন্দোলন নহয়। আমাক সমাধানৰ সূত্ৰ লাগে।’ সমাধান নোহোৱালৈকে সংগ্ৰাম অব্যাহত থাকিব বুলিও আদালত কক্ষত প্ৰৱেশৰ পূৰ্বে স্পষ্ট কৰি দিয়ে কৃষক নেতাজনে।

সংগঠনটোৰ আন এগৰাকী কাৰাৰুদ্ধ নেতা মানস কোঁৱৰেও অখিল গগৈৰ দৰেকৈ কয় যে চৰকাৰে অতি কৌশলৰে সমগ্ৰ আন্দোলনটোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছে। 'চৰকাৰে আন্দোলনটো ধ্বংস কৰি পেলাব বিচাৰিছে। সেয়ে এনেদৰে আমাৰ ওপৰত ভুৱা গোচৰ জাপি দিছে।’ -কোঁৱৰৰ মন্তব্য। 

বিভাজন নহয়, ঐক্যৱদ্ধ হওক 

অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত CAAৰ বিৰুদ্ধে হোৱা আন্দোলন কোনোপধ্যে বিভাজনমুখী হৈ পৰাতো বিচৰা নাই কৃষক নেতা অখিল গগৈয়ে। আদালতৰ পৰা ওলাই আহি অসমবাসীক আহ্বান জনাই গগৈয়ে কয়, 'বিভাজন হব নালাগে। ঐক্যৱদ্ধ সংগ্ৰাম হ’ব লাগে আৰু কোনোপধ্যে যাতে অসমীয়া বিশ্বাসঘাতকতাৰ বলি নহয় তাৰ প্ৰতি সজাগ হ’ব লাগিব। মই অসমবাসীক এটাই আহ্বান জনাও যে খেলপথাৰৰ পৰা এতিয়া ৰাজপথলৈ আন্দোলন আহিব লাগে।’

তেওঁ আৰু কয়, 'চৰকাৰক বাধ্য কৰাব লাগিব। যদি চৰকাৰক বাধ্য কৰাব নোৱাৰো তেতিয়া হ’লে এই চৰকাৰে আমাৰ কাম কৰি নিদিয়ে।’

অসমতে অসমীয়া ভগনীয়া হ’ব

জয় আই অসম ধ্বনিৰে NIAৰ আদালতত প্ৰৱেশ কৰা কৃষক নেতা কেইগৰাকীয়ে আদালতৰ পৰা ওলাই আহি অসমবাসীক আৰু কেবাটাও আহ্বান জনায়। ধৈৰ্য কোঁৱৰে আদালতৰ পৰা ওলাই আহি কয়, 'চৰকাৰক বাধ্য কৰিব পৰাকৈ সংগ্ৰাম হোৱা নাই। অসমৰ ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছো যে আন্দোলন আৰু জোৰদাৰ হ’ব লাগে।’

'এইবাৰ যদি আমি এই সংগ্ৰামত জিকিব নোৱাৰো তেন্তে অসমতে অসমীয়া ভগনীয়া হ’ব৷’- কৃষক নেতা গৰাকীৰ সকীয়নিমূলক মন্তব্য। 

ভবিষ্যতৰ বাবে উপযুক্ত কৰ্মপন্থা লাগেঃ ড° গোহাঁই

অখিল গগৈক হাজিৰ কৰোৱাৰ সময়ত আগৰ কেইদিনৰ দৰে আজিও আদালতত চৌহদত উপস্থিত থাকে ড° হীৰেন গোহাঁই। ড° গোহাঁয়ে কয়, 'আমাৰ আন্দোলনটো যেনেকে চলি আছে ৰাইজৰ উৎসাহ সহযোগিতাৰে, তেনেকৈ বিপক্ষ দলো যথেষ্ট সচেষ্ট হৈছে আন্দোলনৰ তেজ কমাবলৈ।’ তেওঁ আৰু কয়, 'এই সম্পৰ্কে ৰাইজ সজাগ হ’ব লাগে আৰু ভবিষ্যতৰ বাবে উপযুক্ত কৰ্মপন্থা ল’ব লাগে।’

জয় আই অসম ধ্বনিৰে উত্তাল  

আজি NIAৰ আদালতত কৃষক নেতা অখিল গগৈৰ লগতে বিতু সোণোৱাল, মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰক হাজিৰ কৰা সময়ত শতাধিক লোকে 'জয় আই অসম’ ধ্বনিৰে উত্তাল কৰি তোলে আদালত চৌহদ৷ আদালত ত্যগ কৰাৰ সময়ত 'CAA বাতিল হ’বই লাগিব’, 'CAA আমি নামানো’ ধ্বনি দি অসমীয়াক পুনৰ সজাগ হ’বলৈ আহ্বান জনায় অখিল গগৈসহ আটাইকেইগৰাকী কাৰাবন্দী কৃষক নেতাই।