► হিমা দাসৰ পিছতেই উজ্জ্বলিল অসম সন্তান প্ৰতিমা দহোতীয়া

কাকপথাৰৰঃ তিনিচুকীয়া জিলাৰ ৰাইডাং গাৱঁৰ নিবাসী দয়াবীৰ দহোতীয়াৰ কন্যা তথা ডিগবৈ মহাবিদ্যালয়ৰ তৃতীয় ষন্মাসিকৰ ছাত্ৰী প্ৰতিমা দহোতীয়াই ৰাইডাং গাৱঁৰ লগতে অঞ্চলটো, জিলাখনৰ তথা অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । 

প্ৰতিমা দহোতীয়াই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া দেশ শ্ৰীলংকা, নেপাল আৰু ভুটানত অনুষ্ঠিত কেইবাখনো আগশাৰী দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। খেলুৱৈ গৰাকীৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে অহা ইং ২৫ ডিচেম্বৰ, ২০১৮ তাৰিখে বিহাৰৰ ডাৰভংগত অনুষ্ঠিত হব লগা ভাৰতৰ প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মজয়ন্তীত “ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী শ্ৰেষ্ঠতা বঁটা-২০১৮” প্ৰদান কৰিব।

 

তিনিচুকীয়া জিলাৰ এনেকুৱা এক ভিতৰুৱা অঞ্চলৰ খেলুৱৈগৰাকীৰ সফলতাত অঞ্চলটোৰ তথা জিলাখনৰ জনসাধাৰণ যথেষ্ট উৎফুল্লিত হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰত গ্ৰাম্য অঞ্চলসমূহত ভাৰত তথা অসম চৰকাৰে  গুৰুত্ব প্ৰদান কৰিলে বহু প্ৰতিভাৱান খেলুৱৈ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি যোৱাত যথেষ্ট সহায় হব বুলি আশা কৰিব পাৰি।অনাগত ভৱিষ্যতত চৰকাৰে গ্ৰাম্য অঞ্চল সমূহৰ বাবে ক্ৰীড়াকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব।