শিৱসাগৰঃ অহা বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব প্রথম পৰ্যায়ৰ পঞ্চায়ত নির্বাচনত । এই নিৰ্বাচনত জয়ী হৈ নিজৰ গাদী দখল কৰিবলৈ প্ৰত্যেক ৰাজনৈতিক দলৰ নেতা-কৰ্মী কূট-কৌশল ৰচনা কৰি নানা প্ৰলোভনে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছিল । কিন্তু নিজৰ ভোট দানৰ অধিকাৰ বিচাৰ বিবেচনাৰে সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)বৰুৱা পুখুৰী আঞ্চলিক সমিতিয়ে । 

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ আৰন্ধৰা আৰু সাধাৰণ সম্পাদক নুপুৰ নেওগে আজি এক প্রেছ বিবৃতিৰ যোগে জানিবলৈ দিয়া মতে, ৰাইজে "পাৰ্টী নহয় প্রার্থীক ভোট দিয়ক" । সংগঠনটোৰ মতে, এখন দূৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ স্বাৰ্থত সকলোৱে বিৱেক ভোট প্ৰদান কৰিব লাগে ।  সেইয়েহে সকলোকে ৰাজনৈতিক দলসমূহৰ আভুৱা ভৰা প্রতিশ্রুতি, মদৰ বটল আৰু দুই-এশ টকাত ভূল নগৈ নিকা শিক্ষিত আৰু সামাজিক দায়িত্ববোধ সম্পন্ন যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি বহুমূলীয়া ভোটতো প্রদান কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে ।
                                    
শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদ