ডিজিটেল ডেক্স, লিডুঃ ৰাজ্যত কিশোৰী তথা যুৱতীক ধৰ্ষনৰ দৰে ঘটনা সঘনাই সংঘটিত হৈ থকাৰ সময়তে পুনৰ তিনিচুকীয়া জিলাৰ ডিগবৈত সংঘটিত হোৱা আন এক ধৰ্ষন কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পুজা চাবলৈ যোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক ৪ জন পাখণ্ডই ধৰ্ষনৰ অপচেষ্টা চলোৱাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷  

পূজাৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজতে ডিগবৈত এই ভয়ংকৰ ঘটনা ৷ নিশা  দলবদ্ধ ধৰ্ষনৰ বলি হ'ল এগৰাকী ১৬  বছৰীয়া কিশোৰী ৷ নিশা পূজা চাই ঘৰৰ অভিমূখে উভতি আহি থকাৰ সময়ত  ডিগবৈৰ মুলিয়াবাৰীস্থিত এলেকাত আন্ধাৰৰ সুযোগ লৈ চাৰিজনীয়া এটা দুবৃত্তৰ দলে কিশোৰী গৰাকীক ধৰ্ষনৰ চেষ্টা চলায় ৷ মুলিয়াবাৰীৰ ৰাজহুৱা মঞ্চৰ কিছু দুৰত থকা খেলপথাৰৰ এটা চুকলৈ কিশোৰী গৰাকীক দুবৃত্তৰ দলটোৱে ধৰি নি  ধৰ্ষন চেষ্টা চলোৱাৰ সময়তে  কিশোৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰিবলৈ ধৰে ৷ কিশোৰীগৰাকীৰ চিঞৰ এটা  তহলদাৰী  নিৰাপত্তাৰক্ষীৰ দলে শুনা পায় আৰু  লগে লগে কিশোৰী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে ৷ 
উলেলখযোগ্য যে নিশা প্ৰায় ১০ মান বজাত ওচৰ চুবুৰীয়াৰ লগত পূজা চাই অকলশৰে কিশোৰীগৰাকী ঘৰলৈ যাব লওতেই ঘটনাটো ঘটে বুলি কিশোৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ দুবৃত্ত কেইটাই পলায়ন কৰে যদিও পাছত কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত চাৰিটা দুবৃত্তক ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু চাৰিজন অপৰাধীক ২৫৮/১৮ US ৩৭৬(D)IPS R/W FCE US POCSO ধাৰাৰ অধীনত জেললৈ প্ৰেৰণ কৰে। অভিযুক্ত কেইটাৰ নাম ক্ৰমে  ডিগবৈৰে সুভম দাস(১৮), অজয় পাণ্ডে (২০), আকাশ চক্ৰৱৰ্তী(20), আৰু ধ্ৰুৱ গগৈ(১৯) বুলি জানিব পৰা গৈছে ৷ 

উজ্জ্বল চৌধুৰী,লিডু