জয়ন্ত মুদৈ, নগাঁওঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা কাৰ্য্যালয়ত সংগঠনটোৰ নগাঁও নগৰ শাখাৰ ২০১৯-২০২০ বৰ্ষৰ পূৰ্ণাংগ শাখা সমিতিখন সোমবাৰে গঠন কৰা হয়। 

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক প্ৰলয় কুমাৰ বড়ো, জিলা সংযোজক মৃত্যুঞ্জয় কুমাৰ মাহাতো, পূৰ্বৰ জিলা সংযোজক ৰাজু ৰায়, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ৰূপশ্ৰী গগৈ আৰু জিলা ছাত্ৰী প্ৰমুখ নির্মালী ডেকা। 

সুৰজ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাহুল বৰাই আৰু শলাগৰ শৰাই আগবঢ়ায় দীপজ্যোতি শইকীয়াই। সভাত জিলা সাংগঠনিক সম্পাদকে প্ৰলয় কুমাৰ বড়োয়ে লক্ষ্য উদ্দেশ্যেৰ লগতে সংগঠনৰ বিবিধ দিশৰ ওপৰত আলোকপাত কৰে। 

সভাত অপৰ্ণা ভট্টাচাৰ্যক সভাপতি আৰু ঋতুৰাজ দত্তক সম্পাদকৰ দায়িত্ব প্ৰদান কৰাৰ লগতে ৪৫ জনীয়া পূৰ্ণাঙ্গ শাখা সমিতি গঠন কৰা হয়। বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৰু মন্ত্ৰ পৰিৱেশন কৰে নির্মালী ডেকাই। কল্যান মন্ত্ৰেৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয়৷