মাজুলীঃ মাজুলীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক এটি বিশষ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত মাজুলীৰ সাংবাদিক মহল তথা সুধী সমাজ আনন্দিত হৈ পৰে৷ শৰালি আৰু বাৰিষা কালছোৱা অতি কষ্টৰে ৰদ-বৰষুণ একাকাৰ কৰি সাংবাদিকতা কৰা মাজুলীৰ সাংবাদিকে বিশেষ বঁটাৰ বাবে নিৰ্বাচিত হোৱাটো গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হোৱা বুলি কয় একাংশ লোকে৷ 

জানিব পৰা মতে, আপোচবিহীন সাংবাদিকতাৰে মাজুলীতে নহয় সমগ্ৰ অসমত খ্যাতি অৰ্জন কৰা নদীদ্বীপ মাজুলীৰ সাংবাদিক ৰাজীৱ পাটিৰে লাভ কৰিছে ২০১৭ বৰ্ষৰ সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা৷ সাংবাদিকতাকে জীৱনৰ সকলো বুলি ভবা সাংবাদিক ৰাজীৱ পাটিৰে সাংবাদিকতা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা আগবঢ়াইছে সাংবাদিক কৰ্ম পৰিষদৰ গোৱালপাৰা জিলা সমিতিয়ে৷ 

সমাজখনৰ বাবে ৰ'দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰি আহিছে সাংবাদিক পাটিৰে। নিৰ্ভীক মনৰ পৰিচয় দিয়া সাংবাদিকগৰাকীয়ে সমাজৰ বাবে অতন্দ্ৰ প্ৰহৰী ৰূপে থিয় দি থকাৰ কামনা কৰিছে মাজুলীবাসীয়ে৷

সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰিব মাৰ্চ মাহৰ অন্তিম সপ্তাহত৷ ৰাজীৱ পাটিৰ অসমীয়া প্ৰতিদিন কাকতৰ মাজুলীৰ বিশেষ প্ৰতিবেদক হিচাপে কাৈম কৰাৰ লগতে newsnextone.comৰ শুভ চিন্তক৷ newsnextone.comক দিহা-পৰামৰ্শ দি আহিছে ৰাজীৱ পাটিৰে৷  

মাজুলীৰ জেংৰাই চাপৰি গাঁৱৰ সনাতন পাতিৰৰ পুত্ৰ ৰাজীৱে ২০০৮ চনৰ পৰাই সাংবাদিকতাৰ জগতত সততা আৰু নিষ্ঠাসহকাৰে কাম কৰি আছে। তদুপৰি বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত তেওঁ।