গুৱাহাটীঃ মোৰ বহুত ভাল লাগিছে৷ সকলোকে ধন্যবাদ। সোণৰ পদক জয়ী হৈ কেৱল এই খিনিয়েই কলে অসমৰ ৰাণীয়ে। হয় অসমৰ ৰাণী অংকুশিতাই স্বৰ্ণ পদক আজুৰি আনিলে৷  বহু জল্পনা-কল্পনাৰ অন্তত অসমৰ বক্সিঙৰ ৰাণী অংকুশিতাই স্বৰ্ণ দখল কৰিবলৈ সক্ষম হ’ল৷

বিশ্ব বক্সিঙৰ ফাইনেলত দপদপাই বক্সিঙৰ ৰিঙত অসমৰ অংকুশিতা বড়োই এই সফলতা লাভ কৰিলে৷ অসমৰ মেৰিকম হিচাপে খ্যাতি লাভ কৰা অংকুশিতাই চেমি ফাইনেলত থাইলেণ্ডৰ বক্সাৰ থানছনাক হৰুৱাই দেওবাৰে ফাইনেলত হৰুৱালে ৰাছিয়াৰ যুৱ মহিলা খেলুৱৈই একটাৰিনাক। শক্তিশালী ঘোচাৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি জয়ী হ'ল অংকুশিতা৷ আনহাতে আন এগৰাকী নন্দিতাও স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়।

ৰাজ্য বাসীৰ মৰম, চেনেহ, আশীৰ্বাদ লৈ ৰিঙত নমা অংকুশিতাই প্ৰতিপক্ষ একটাৰিনাক কৰে ধৰাশয়ী ৷ পূৰ্বে অনুমান কৰা অনুযায়ী অংকুশিতাই খিতাপ অৰ্জন কৰ৷ ৬৪ কেজি শাখাত ৰূপ দখল কৰি থোৱা অংকুশিতাৰ সপোন আছিল কেৱল স্বৰ্ণ দখল কৰাৰ৷ খেল অনুষ্ঠিত হৈছিল গুৱাহাটী মহানগৰীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামত। ষ্টেডিয়ামত অনুষ্ঠিত য়ুথ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত নিজ সাধনা আৰু একগ্ৰতাৰে ফাইনেলত প্ৰবেশ কৰিছিল৷

ইতিমধ্যে ৰূপৰ পদক নিজৰ দখললৈ অনা অংকুশিতাক লাগে কেৱল স্বৰ্ণ৷ অংকুশিতাই দেশবাসীক দিব খোজে এই উপহাৰ দেশবাসীক৷ নতুন বছৰৰ প্ৰাক মুহূৰ্তত এই উপহাৰ দি শুভেচ্ছা যাচিব খোজে ৰাজ্য খনৰ নাগৰিকক৷ কঠোৰ পৰিশ্ৰম কৰি চমকপ্ৰদ সফলতাৰে জিলিকি উঠা দৰিদ্ৰ পৰিয়ালৰ সন্তান অংকুশিতা বৰ্ণাঢ্য ক্ৰীড়া জীৱনৰ পাতনি মেলি এই স্থানত উপণীত হোৱাৰ খবৰে তাইক ৰাজ্যবাসীৰ আপোন কৰি তুলিছে৷

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰৰ উলুবাৰীৰ ৰাকেশ বড়ো আৰু ৰঞ্জিতা বড়োৰ জ্যেষ্ঠ কন্যা অংকুশিতা এতিয়া ক্ৰীড়াপ্ৰেমীৰ আপোন৷ য়ুথ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত চেমি ফাইনেলত প্ৰবেশ কৰাৰ পিছৰে পৰা অংকুশিতাক লৈ উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী৷ দৰিদ্ৰ কৃষক পৰিয়ালৰ কন্যা অংকুশিতাৰ পিতৃ ৰাকেশ বড়ো এখন অপ্ৰাদেশীকৃত স্কুলৰ শিক্ষক৷ এইবেলি স্বদেশৰ মাটিত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰৰ্যায়ত প্ৰবেশ কৰি এই খিতাপ-সুনাম অৰ্জন কৰাৰ বাবে ৰাজ্যবাসীয়ে শুভেচ্ছা যাচে অংকুশিতাক৷