internet
internet

ডিজিটেল ডেস্কঃ নাৰীৰ প্ৰজনন ক্ষমতাৰ এটা সময় থাকে৷ এটা নিৰ্দিষ্ট বয়সত নাৰীয়ে সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলায়৷ এই বয়স যদি কেতিয়াবা ৪৫, কেতিয়াবা ৫০ বছৰো হব পাৰে৷ কিন্তু ততোধিক? এয়া নিশ্চয় অসম্ভৱ কথা হব৷ যাক বিজ্ঞানেও কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু বিজ্ঞান আৰু প্ৰকৃতিৰ নিয়মক ভুল প্ৰমাণিত কৰি ইটালীৰ এগৰাকী মহিলাই ১০১ বছৰ বয়সত জন্ম দিলে নিজৰ ১৭ নম্বৰটো পুত্ৰ সন্তানৰ৷ 

এই ঘটনাৰ পাছতেই বিশ্বৰ চিকিৎসা জগতত হাহাকাৰৰ সৃষ্টি হয়৷ এগৰাকী এশ বছৰীয়া বৃদ্ধাই কেনেদৰে সন্তান জন্ম দিব পাৰিলে, সেয়া লৈ চিকিৎসা বিজ্ঞান গৱেষনাত ব্যস্ত হৈ পৰে৷ কিন্তু বাস্তৱটো সেয়াই, এগৰাকী বৃদ্ধাই জন্ম দিলে এটি ৯ পাউণ্ড ওজনৰ সুষ্ট-সুঠাম সন্তান৷

দৰাচলতে এই বৃদ্ধাগৰাকীৰ পৰিপক্ক বয়সৰ পাছত শৰীৰত অণ্ডাশয় প্ৰতিৰোপন কৰা হৈছিল৷ যাৰ পাছত বৃদ্ধ মহিলাগৰাকীয়ে চিকিৎসা জগতক আচৰিত কৰি পুনৰ গৰ্ভধাৰণ ক্ষমতা লাভ কৰে৷ ইউৰোপীয় আইন অনুসৰি যদিও অণ্ডাশয় প্ৰতিৰোপন এক অপৰাধ, তথাপি তুৰ্কীৰ ডা০ আলেকজেণ্ডৰ পোপিলিক নামৰ এজন ডাক্তৰৰ ক্লিনিকত এই কাৰ্য সম্পন্ন কৰা হৈছিল৷ 

১০১ বৰ্ষীয় অনাতৌলিয়া বটোৰ্ডেলা নামৰ লেটিন বৃদ্ধ মহিলাগৰাকীয়ে তেওঁৰ ১৭ নম্বৰ সন্তানটি ঈশ্বৰৰ আশীৰ্বাদ বুলি স্বীকাৰ কৰে৷

মহিলাগৰাকীয়ে কয়- ৪৫ বছৰ বয়সলৈকে মই ১৬টা সুঠাম সন্তান জন্ম দি ডিম্বাশয়ৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিলো৷ অপাৰেচন আৰু চিকিৎসাৰ ফলত মই সুষ্ট হৈ উঠিলো যদিও মানসিক ভাবে সন্তুষ্ট হব পৰা নাছিলো৷ এতিয়া মোৰ সোতৰ নম্বৰ সন্তানটি লাভ কৰাৰ পাছত মই যথেষ্ট সুখী অনুভৱ কৰিছো৷ যাৰ বাবে মই ঈশ্বৰক ধন্যবাদ জনাইছো৷