গোৰেশ্বৰঃ বিটিএডিৰ গোৰেশ্বৰৰ ৰাজহ চক্ৰ এলেকাৰ টেঙাঝাৰ বালাবাৰী গাঁৱত এটি পাঁচ মহীয়া কেচুৱাৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

উত্তৰ বেতনা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত টেঙাঝাৰ গাঁৱৰ ভাস্কৰ কলিতা আৰু ভনিতা কলিতাৰ পাঁচ মহীয়া সন্তান অৰ্ণৱ কলিতাৰ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত মৃত্যু হয়।  বুধবাৰে ডোঙপাৰ উপ-স্বাস্থ্য কেন্দ্ৰত পাঁচ মহীয়া "পেনটাইল" বেজী দিয়া হৈছিল কেচুৱাটোক।

পৰিয়ালৰ লোকে অভিযোগ কৰা মতে বেজী লোৱাৰ পিছত সন্ধিয়াৰে পৰা অসুস্থ হৈছিল কেচুৱাটো। নিশাৰ ভাগত অধিক অসুস্থ হৈ পৰে। পুৱতি নিশা দেৱ কেচুৱাটোৱে দুৰ্ভাগ্যজনক ভাৱে মৃত্যুক আঁকোৱালি লয়।

এই ঘটনাত শোকত ভাগি পৰিছে  পৰিয়ালটো। ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে। ইপিনে কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি সূত্ৰই বেজী দিয়াৰ ভুলৰ বাবে আচলতে কেচুৱাটোৰ মৃত্যু ঘটা নাই বুলি কয়।

অৱশ্যে কি ভাবে কেচুৱাটোৰ মৃত্যু হ’ল তদন্ত কৰিলে ওলাই পৰিব৷ তদন্তৰ দায়িত্ব প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চেক্টৰ বিষয়া গিৰিধৰ ব্ৰহ্মক দায়িত্ব দিয়া হৈছে। অৱশ্যে পৰিয়ালৰ লোকে বেজী দিয়াৰ বিসংগতিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে।