প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজানত মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মা সোঁৱৰণী পুৰুষৰ দ্বৈত প্ৰথম বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে।

বোকাজান স্পৰ্টচ ক্লাৱৰ উদ্যোগত আৰু বোকাজান মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত মুকলি বেডমিন্টন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে  কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণ, পৰিয়ালৰ হৈ জ্যেষ্ঠ পুত্ৰ পবিত্ৰজ্যোতি শৰ্মা, ইষ্টাৰ্ন কাৰ্বি আংলং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনিল চন্দ্ৰ দাসে৷

বোকাজান নগৰৰ বোকাজান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতা শুভাৰম্ভ কৰাৰ পূৰ্বে প্ৰয়াত মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়৷

উদ্ধোধনী অনুষ্ঠানত বোকাজান মহকুমাৰ মহকুমাধিপতি দিলীপ তেৰাং মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সন্মানিত অতিথি হিচাপে উপস্থিত থাকে বোকাজান মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জয় সিং, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, বোকাজান প্ৰেছ ক্লাবৰ উপদেষ্টা প্ৰশান্ত মিশ্ৰ, হাংজাংলাংচ' প্ৰেছ ক্লাবৰ সভাপতি ক্লেংডুং তেৰাং, শিৱসাগৰৰ বিশিষ্ট বেডমিন্টন খেলুৱৈ পংকজ গগৈৰ লগতে বোকাজানৰ বহু বিশিষ্ট ব্যক্তিসকল৷

তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথম বাৰ্ষিক দিবা-নৈশ পুৰুষৰ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতাখন অহা ৭ জানুৱাৰীত অন্ত পৰিব৷ প্ৰতিযোগিতাত কাৰ্বি আংলং জিলাৰ বহু প্ৰতিযোগী দলে অংশগ্ৰহণ কৰাৰ লগতে চুবুৰীয়া জিলা গোলাঘাট আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ পৰাও কেইবাটাও দলে অংশগ্ৰহণ কৰিব বুলি বোকাজান স্পৰ্টচ ক্লাৱৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে৷ প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে সৰোজ মহন্তই৷