গুৱাহাটীঃ অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত তথা চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱা প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাৰ শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে শুনানি অনুষ্ঠিত হ’ব৷ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষিৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিব সৰ্ব ভাৰতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিব্বালে ৷ ৰাজৰ্ষিক বচাবলৈ ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে দেশৰ আগশাৰীৰ জ্যেষ্ঠ অধিবক্তাজন।৷

যোৱা ১৩ নৱেম্বৰত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছিল ৰাজৰ্ষিয়ে৷ APSC কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী, নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষিসেন ডেকাই আগতীয়া জামিন লোৱাৰ লগতে আৰক্ষীৰ পৰা বাছিবলৈ বহু চেষ্টা কৰি অৱশেষত আত্মসমৰ্পন কৰিছিল৷ ০৮ নৱেম্বৰৰ পুৱাৰ পৰা আৰক্ষীৰ ভয়ত পলাই ফুৰা ৰাজৰ্ষিয়ে বাক্সা জিলাৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷

২০১৫-১৬ বৰ্ষত ৩৮২ গৰাকী ACS-APS সংলগ্ন সেৱাৰ বিষয়া বাছনি কৰিছিল তেতিয়াৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পাল৷ ইয়াৰে প্ৰায় সংখ্যক বিষয়াক অবৈধ তথা ব্যাপক জালিয়াতিৰে নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হয়৷ কৃষক নেতা অখিল গগৈ সহিতে ৰাজ্যৰ একাংশ দল-সংগঠনে এই তদন্তৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তুলিছিল৷ তাৰ পাছতে এগৰাকী মহিলাৰ জৰিয়তে এই দুৰ্নীতিৰ ৰহস্য ফাদিল হৈছিল৷ প্ৰথম পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত কৰি তিনিগৰাকী বিষয়াক চিনাক্ত কৰিছিল৷

পৰৱৰ্তী সময়ত ২৫ গৰাকী বিষয়াক তদন্তৰ আওতাত লয় আৰক্ষীয়ে৷ ২৫ গৰাকী ACS-APS পৰীক্ষাৰ উত্তৰ বহী ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷ বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ পেপাৰৰ ফলাফল অহাৰ পিছতে সস্তম হৈ পৰে ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ ৮ নৱেম্বৰৰ নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ২৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷

৮ নৱেম্বৰৰ পুৱাৰে পৰা ACS-APSৰ গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিছিল অসম আৰক্ষীয়ে৷ তাৰ মাজতে আৰক্ষীৰ পৰা হাত সাৰিবলৈ ৰাজনৈতিক প্ৰভাৱপুষ্ট ACS বিষয়া ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদেউ, প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলে, নীলমণিৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকা সহিতে প্ৰায় ১০গৰাকী বিষয়াই আত্মগোপন কৰি আছিল যদিও অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল৷