তেজপুৰ টাউনঃ শোণিতপুৰৰ বালিপৰাত সৰ্বভাৰতীয় কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীক বালিপৰা ব্লক কংগ্ৰেছে সোমবাৰে শুভেচ্ছা যাচে। বালিপৰা ব্লক কংগ্ৰেছৰ উদ্যোগত শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বালিপৰা পৰিদৰ্শন বংলাৰ পৰা এক সমদল উলিয়াই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱা ৰাহুল গান্ধীক শুভেচ্ছা যাচে৷

নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীক অভিনন্দন জনাই কংগ্ৰেছ দলে এই সমদল উলিয়াই৷ অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে এই সমদলত অংশগ্ৰহন কৰা কংগ্ৰেছ কৰ্মীসকলে ৰাহুল গান্ধী জিন্দাবাদ, জাতীয় কংগ্ৰেছ জিন্দাবাদ ধ্বনি দিয়ে৷ সমদলত ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভিমানন্দ তাঁতী উপস্থিত থাকে৷