গোৰশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰস্থিত বন্ধন বেংকৰ গোৰেশ্বৰ শাখাত আজি  গ্ৰাহকক ঋণ নিদিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে আজি কেবাদিনো ধৰি বেংকটোৰ মেনেজাৰে কৰি অহা সাম্প্ৰদায়িক মন্তব্যৰ পৰিপ্রেক্ষিতত গোৰেশ্বৰ ভোগপুৰ গাঁৱৰ শতাধিক মহিলাই বেংকটো ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

অভিযোগ মতে ভোগপুৰ গাঁৱৰ কেবাগৰাকীও মহিলাই যোৱা কেবামাহ ধৰি ঋণৰ বাবে আবেদন কৰিছিল যদিও সংখ্যালঘু সম্প্রদায়ৰ বিশেষকৈ মুছলমান হোৱা বাবে বাৰে বাৰে বেংক কৰ্তৃপক্ষই বিভিন্ন নথি বিচাৰি হাৰাশাস্তি কৰে। আনকি বেংক কৰ্তৃপক্ষই গ্ৰাহকসকলৰ ভোটাৰ ফটো পৰিচয় পত্ৰত গ্ৰাহকৰ অন্য ফটো লগাই নথি প্ৰস্তুত কৰিছিল।

বেংক মেনেজাৰে মহিলাসকলক বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰাৰো অভিযোগ উত্থাপিত হৈছে। সংখ্যালঘু হোৱা বাবে তেওঁলোকৰ নথি-পত্ৰ সঠিক নহয় বুলি কৈ দীৰ্ঘদিন ধৰি মানসিক হাৰাশাস্তি চলাই আহিছিল মেনেজাৰজনে। বেংকটো ঘেৰাও কৰাৰ পিছত মহিলাসকলক ঋণ দিবৰ বাবে বেংক কৰ্তৃপক্ষ সন্মত হয় যদিও  ক্ষুব্ধ মহিলাসকলে অপমানিত বোধ কৰি বন্ধন বেংকৰ পৰা ঋণ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে যি সমূহ নথি ইতিমধ্যে মহিলাসকলে জমা কৰিবলৈ আনিছিল সেয়া ফালি-ছিৰি বেংকটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। বেংকটোৰ এনে কাণ্ডৰ এক উচিত তদন্তৰ দাবী জনাইছে মহিলাসকলে।