শুক্লাইঃ সোমবাৰে কাহিলী পুৱাই পথৰ দাতিত এটি অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰৰ বাঙালীপাৰাত৷ 

ৰাজ্যৰ চৌদিশে ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বাঙালীপাৰাত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷ গোৰেশ্বৰ আৰক্ষী থানা এলেকাৰ তথা সুৱাগপুৰ আৰক্ষী চকীৰ পূৱ বাঙালীপাৰত সোমবাৰে পুৱা পথৰ দাতিত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে৷

ঔবাৰী-ভোলাবটাবাৰী-ইউটি পথৰ দাতিত প্ৰাত ভ্ৰমণলৈ ওলাই অহা মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে৷  ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ বাঙালীপাৰা অঞ্চলত৷ স্থানীয় ৰাইজে লোকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰে৷